সাজিদুৰ ৰহমান

গুৱাহাটী

৯ মে’

দেওবাৰে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰা হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা সময়ত সমগ্ৰ উত্তৰ পূবত অস্তিত্বহীন বিজেপি দলৰ উত্থানৰ মূল নায়ক হিমন্ত বিশ্ব শৰ্মাক দলটোৱে অৱশেষত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিলে। বিজেপিৰ বিধায়নী দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰীৰ পদৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। সোমবাৰে অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা হোৱা হিমন্ত বিশ্ব শৰ্মাৰ আছে এক দীঘলীয়া ৰাজনৈতিক যাত্রা। ছাত্র ৰাজনৈতিৰ পৰা আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন। ১৯৮৭-১৯৮৮ চনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল। ইয়াৰ পিছতে ১৯৮৮ চনৰ পৰা ১৯৯২ চনলৈ হিমন্ত বিশ্ব শৰ্মা তিনিবাৰকৈ কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।

ছাত্ৰ ৰাজনীতিৰ সমাপ্তি ঘটাই ১৯৯৪ চনত হিমন্ত বিশ্ব শৰ্মাই যোগদনা কৰিছিল কংগ্ৰেছ দলত। কংগ্ৰেছ দলত যোগদনা কৰি প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সান্নিধ্য লাভ কৰা হিমন্ত বিশ্ব শৰ্মা আছিল ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিব। অসম বিধানসভাৰ সদস্য হোৱাৰ প্ৰথমটো যাত্রা কিন্তু সুখৰ নাছিল হিমন্ত বিশ্ব শৰ্মাৰ। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিত মুখ ঠেকেচা খাইছিল। জালুকবাৰী সমষ্টিত অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনৰ হাতত পৰাস্ত হৈছিল হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰ পিছৰ নিৰ্বাচনত কিন্তু ভাগ্য উদয় হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ আৰু ২০০১ চনত কংগ্ৰেছ দলৰ হৈ জালুকবাৰী সমষ্টিৰ পৰা পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ বিধানসভাৰ মজিয়ালৈ আহিছিল এইগৰাকী নেতা। হিমন্ত বিশ্ব শৰ্মাই ২০০২ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৬ আৰু ২০১১ চনত জালুকবাৰী সমষ্টিত পৰা দ্বিতীয় আৰু তৃতীয়বাৰ নিৰ্বাচিত হৈ গগৈ মন্ত্ৰীসভাৰ স্বাস্থ্যৰ লগতে অন্যান্য কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

গগৈ মন্ত্ৰী সভাৰ তৃতীয়টো কাৰ্যকাল সম্পূৰ্ণ নকৰি ২০১৪ চনত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি ২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছ এৰি বিজেপিত যোগদনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ দেশজুৰি বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢৌ অব্যাহত থকাৰ মাজতে বিজেপি দললৈ হিমন্ত বিশ্ব শৰ্মাৰ আগমনে অসমত বিজেপিৰ শক্তি কেইবাগুণ বৃদ্ধি কৰিছিল। ইয়াৰ পৰিনাম প্ৰতিফলিত হৈছিল ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত।

২০১৬ চনত হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে বিজেপিৰ টিকটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাৰ লগতে অসমত বিজেপি প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। অসমত বিজেপিৰ এই উত্থানৰ আঁৰত হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণা অসমবাসী ৰাইজৰ লগতে সমগ্ৰ দেশবাসী জ্ঞাত। ২০১৬ চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰ স্বাস্থ্যৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ পিছত ২০২১ ৰ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপিৰ জয়লাভ আৰু জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়।

যোৱা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰীৰ আসনকলৈ দেশৰ ৰাজনৈতিক মহলত চলিছিল ব্যাপক চৰ্চা। ইয়াৰ পিছতে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বতৰ সৈতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অনুষ্ঠিত হয়। দেওবাৰেও এই সম্পৰ্কে গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত বিজেপিৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতৃত্বত লগত বৈঠকৰ অন্তত সকলো স্পষ্ট হৈ পৰে। চৰকাৰী বাসগৃহৰ পৰা ওলাই আহি সৰ্বানন্দ সোণোৱালৰ ৰাজ্যপাল জগদীশ মুখীৰ হাতত পদত্যাগ পত্ৰ অৰ্পন আৰু বিজেপিৰ বিধায়নী দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ নাম অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা।