নলবাৰী, ২ জুনঃ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হৈছে৷ কটন কলেজৰ বিজ্ঞান শাখাৰ নৱম স্থান প্ৰাপ্ত নলবাৰীৰ পকোৱা গাঁৱৰ অৰ্ণৱে দিয়া নাছিল গণিত বিষয়ৰ পৰীক্ষা। ৪৭৩ নম্বৰেৰে নৱম স্থান দখল কৰা অৰ্ণৱ কপিলে গণিতৰ পৰীক্ষা নিদিয়াকৈ বিষয়টোত ৯৪ নম্বৰ লাভ কৰিলে৷ ইয়াৰ উপৰি পদাৰ্থ বিজ্ঞানৰ নম্বৰক লৈ সন্তুষ্ট নাছিল ছাত্ৰজন। সেই মৰ্মে ছাত্ৰজনে নিজে পঠাইছিল বৰ্ডলৈ পত্ৰ। পিছত গণিত বিষয়ৰ নম্বৰ আঁতৰাই দিয়াত পূৰ্বে লাভ কৰা পদাৰ্থ বিজ্ঞান ৮৯ৰ পৰিবৰ্তে ছাত্রজনে লাভ কৰিছিল ৯৪ নম্বৰ আৰু এই নম্বৰে পুনৰ নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ছাত্ৰজন। উল্লেখ্য যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দ্যা আসাম ত্ৰিবিউন নামৰ ইংৰাজী কাকতলৈ দিয়া বিবৃতিত প্ৰকাশ পাইছিল ভুল তথ্য৷ এই তথ্য অনুসৰি ছাত্র জনে ৪৭৩ নম্বৰেৰে লাভ কৰিছিল ৮ম স্থান৷ একেই নম্বৰত দুটাকৈ স্থান পোৱাত অসন্তুষ্ট ছাত্রজন উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ওপৰত। এই কাৰ্যক ধিক্কাৰ দিছে সচেতন মহলে।