ক্ষেত্ৰী, ২ জুনঃ চেকনীবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ক্ষেত্ৰী আৰক্ষীয়ে পুৱতি নিশা এখন চুৰি গাড়ী উদ্ধাৰ কৰে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, এছ-০১ ইচি-৬১০৫ নম্বৰৰ চুইফ ডিজায়াৰখন দুবৃৰ্ত্তৰ দলে বৰ্ণীহাটৰ ১৭ মাইলৰ পৰা চুৰি কৰিছিল৷ এজন লোকে গুৱাহাটীৰ পৰা শ্বিলংলৈ গাড়ীখন ভাড়া কৰি নিছিল৷ মাজ পথত এজন পথাচাৰীয়ে গাড়ীখনক ৰ’বলৈ সংকেট দিয়ে৷ সেই সময়তে অন্য এখন বাহনত অহা পথাচাৰীজনৰ তিনিজন সংগীয়ে ছুইফ ডিজায়াৰখনৰ চালকক মাৰধৰ কৰি মৰণাস্ত্ৰৰে হত্যাৰ ভাবুকি দি গাড়ীখন লৈ পলায়ন কৰে৷ আজি পুৱা ক্ষেত্ৰীৰ নৈশ তহলদাৰী আৰক্ষীৰ দলে চাকনীবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰহস্যজনক ভাবে এখন গাড়ী ৰৈ থকা প্ৰত্যক্ষ কৰে৷ আৰক্ষীৰ দলটোৱে গাড়ীখনৰ ওচৰলৈ আগবাঢ়ি যোৱাত গাড়ীখনৰ চালকে পলায়ন কৰে৷ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ কাৰণে গাড়ীখন থানালৈ লৈ আহে৷ আনহাতে জিপিএছৰ মাধ্যমেৰে গাড়ীখন ক্ষেত্ৰীত থকাৰ সম্ভেদ লাভ কৰি গাড়ীখনৰ স্বতাধিকাৰী থানাত উপস্থিত হোৱাত প্ৰকৃত তথ্য পোহৰলৈ আহে৷