সোণতলী, ৩ জুনঃ চৰকাৰৰ দ্বাৰা বাৰে বাৰে প্ৰতাৰণাৰ বলি হোৱা বকো সমষ্টিৰ নৈপৰীয়া অঞ্চল পানীখাইতিৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে অৱশেষত পুঁজিৰ আৱন্টন দিছে ৷ প্ৰাপ্ত তথ্য মতে, কামৰূপ জিলাৰ সোণতলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে  ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে মুকলি কৰি দিছে ৬,৮৮,২২,০৩১,০০ টকা৷ যাৰ ফলত নৈপৰীয়াবসীয়ে এক নতুন আশাৰ ৰেঙনি দেখিছে৷ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত উক্ত ৬ কোটি টকীয়া খহনীয়া প্ৰতিৰোধৰ কাম আনুষ্ঠানিক আৰম্ভ কৰা হয়৷ সেই উদ্দেশ্যে সোণতলীৰ পানীখাইতিত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিধায়িকা গৰাকীয়ে পূৰ্বৰ চৰকাৰৰ দ্বাৰা লাঞ্চিত-বঞ্চিত হোৱা পানীখাইতিৰ জনসাধাৰণে অনাগত দিনত আশাৰ বাট বিচাৰি পাব বুলি কয়৷ তেওঁ লগতে বন্যাৰ্তই হওঁক বা গৰা খহনীয়াই হওঁক সকলো সমস্যাৰ ক্ষেত্ৰত যুঁজ দিবলৈ প্ৰস্তুত বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে৷ বিধায়িকা নন্দিতা দাসৰ লগতে জলসম্পদ বিভাগৰ গুৱাহাটী ভৰলুমুখ শাখাৰ অধীক্ষক-অভিযন্তা, কাৰ্যবাহী অভিযন্তাকে ধৰি বিভাগটোৰ কেবাজনো এছডিঅ’ আৰু শাখা পৰিচালক সকল উপস্থিত থাকি খহনীয়া প্ৰতিৰোধৰ কামৰ আৰম্ভনি কৰে৷