গুৱাহাটী : অসমৰ দুগ্ধখেতিয়কসকলক বহনক্ষম লাভজনক মূল্য প্ৰদান অব্যাহত ৰখাৰ বাবে, গুৱাহাটীস্থিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে (ৱামুল), যাক পুৰবী ডেইৰী বুলি জনা যায়, ইয়াৰ সকলো পেষ্টুৰাইজড পাউচ গাখীৰ প্ৰকাৰৰ মূল্য প্ৰতি ৫০০ মিলি পাউচত ১ টকাকৈ বৃদ্ধি কৰিছে। এই সংশোধনটো পুৰবী ডেইৰীয়ে অসমৰ দুগ্ধ খেতিয়কৰ পৰা সংগ্ৰহ কৰা গাখীৰত প্ৰতি কিলোগ্ৰামত ১ টকাকৈ বৃদ্ধি কৰাৰ সৈতে সংগতি ৰাখি কৰা হৈছে যাৰ কেইটামান কাৰণ হৈছে সঞ্চালনৰ ব্যয় বৃদ্ধি, ইন্ধন ব্যয়, পেকেজিং ব্যয় আৰু মুদ্ৰাস্ফীতি।

দুগ্ধ সমবায় হিচাপে ৱামুলে সদায়ে ‘দুগ্ধ খণ্ডত স্থিৰতা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে, যাৰ ভিতৰত আছে ফাৰ্ম-এণ্ড-ইকনমিক্সৰ প্ৰতি লক্ষ্য ৰাখি বছৰজুৰি দুগ্ধ খেতিয়কসকলক লাভজনক আৰু প্ৰতিশ্ৰুতিবদ্ধ পৰিশোধ নিশ্চিত কৰা। এই প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, পুৰবী ডেইৰীয়ে ক’ভিড-১৯ আধাৰিত লকডাউনৰ সময়তো কৃষকসকলৰ পৰা গাখীৰ সংগ্ৰহৰ ধাৰাবাহিকতা বজাই ৰাখিছে আৰু নিশ্চিত কৰিছে যে ৱামুলৰ সৈতে জড়িত কৃষকসকল এনে সংকটজনক সময়ত বিভিন্নজনে সন্মুখীন হোৱা অৰ্থনৈতিক চাপৰ পৰা সুৰক্ষিত হৈ থাকে।

একে সময়খিনিতে, পুৰবী ডেইৰীয়ে অসমৰ সতেজ গাখীৰৰ আগশাৰীৰ ব্ৰেণ্ড হিচাপে, অসম চৰকাৰৰ সমৰ্থনত, গ্ৰাহকসকলক অত্যাৱশ্যকীয় গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী উপলব্ধ থকাটো নিশ্চিত কৰিছে। যোৱা কেইমাহমানত, পুৰবী ডেইৰীয়ে ধিং, কলিয়াবৰ আৰু গোৱালপাৰাত বাল্ক মিল্ক কুলিং (বিএমচি) কেন্দ্ৰ স্থাপন কৰিছে, আৰু ৫০ টাতকৈও অধিক দুগ্ধ সমবায় সমিতি (ডিচিএছ) সংযোগ কৰিবলৈ ইয়াৰ গাখীৰ ক্ৰয় অঞ্চল সম্প্ৰসাৰিত কৰি দূৰৱৰ্তী স্থানত থকা দুগ্ধ খেতিয়কসকলৰ কাষ চাপিব সক্ষম হৈছে।

এই মূল্য সংশোধনে পুৰবী ডেইৰীক অসমৰ অধিক সংখ্যক দুগ্ধখেতিয়কক ৱামুলৰ সৈতে সংযুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাত সহায় কৰিব আৰু এনেদৰে দুগ্ধ সমবায় মডেল শক্তিশালী হ’ব। এই মূল্য সংশোধনৰ প্ৰাকমুহূৰ্তত সমবায়ৰ এক বিবৃতিত কোৱা হৈছে, “১৪,০০০ তকৈও অধিক দুগ্ধ খেতিয়কৰ হৈ পুৰবী ডেইৰীয়ে, অসমৰ দুগ্ধ খেতিয়কসকলক সহায় কৰিবলৈ, সকলো মূল্যৱান আৰু সন্মানীয় গ্ৰাহকৰ পৰা সহযোগিতা আৰু নিৰন্তৰ পৃষ্ঠপোষকতাৰ কামনা কৰিছে।”