চন্দ্ৰপুৰ : ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসীয়ে চলাই গৈছে সংগ্রাম। বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰবাসীয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। এইবাৰ ৰে’ল পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চন্দ্ৰপুৰবাসীয়ে।

কামৰূপ জিলা প্ৰশাসনে মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চল চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ কৰাৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসীয়ে বিগত ডেৰ মহে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে। ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে কেতিয়াবা যদি চন্দ্ৰপুৰবাসীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে কেতিয়াবা আকৌ অৱৰোধ কৰিছে পথ।

চন্দ্ৰপুৰবাসীৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰি জিলা প্ৰসাদনে চন্দ্ৰপুৰত পেলাই আছে আৱৰ্জনা। দেওবাৰে পুনৰ চন্দ্ৰপুৰবাসীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰে’ল পথ অৱৰোধ কৰে। পুৱাৰ ভাগত চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰে’ল ষ্টেচনত উপস্থিত হৈ চন্দ্ৰপুৰবাসীয়ে ৰে’ল পথ অৱৰোধ কৰে।

হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ৰে’ল পথ অৱৰোধ কৰি চন্দ্ৰপুৰৰ পৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে উজনিমুৱা এখন মালবাহী ৰেল আৱদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে প্ৰতিবাদী সকলক আটক কৰি নুনমাটিত থানালৈ আহে।