নগাঁও : পুনৰ অসম আৰক্ষীৰ গুলী চালনা। এইবাৰ এজন ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত হ’ল ড্ৰাগছ ব্যৱসায়ী খাইৰুল ইছলাম। পুৱতি নিশা সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল ড্ৰাগছ ব্যৱসায়ী খাইৰুল ইছলাম।

ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে বিগত সময়ছোৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই ৰাজ্যৰ ড্ৰাগছ ব্যৱসায়ী সকলৰ মূৰৰ কামোৰণী হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

উজনিৰ পৰা নামনিলৈকে অব্যাহত থকা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ, গ্ৰেপ্তাৰ হৈছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী। ইয়াৰ মাজতে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলোৱা কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চনলা কৰিবলৈও বাধ্য হৈছে।

পুনৰ এজন ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলনা কৰিবলৈ বাধ্য হৈছে নগাঁও জিলাত। নগাঁও জিলাৰ খাটোৱালত আৰক্ষীয়ে খাইৰুল ইছলাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি গুলী চালনা কৰিব লগীয়া হয়। আৰক্ষীৰ নিহত হয় ড্ৰাগছ ব্যৱসায়ী খাইৰুল ইছলাম।

ড্ৰাগছ ব্যৱসায়ী খাইৰুল ইছলমে তৰোৱালেৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাত আৰক্ষী বাধ্য হৈ খাইৰুল ইছলামৰ ওপৰত গুলী চালনা কৰে। খাইৰুল ইছলামৰ তৰোৱালৰ আক্ৰমণত আহত হয় আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা। ইফালে ঘটনাত গুলীবিদ্ধ হয় খাটোৱাল থানাৰ গাড়ী চালক উৎপল বৰুৱা।

আহত আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা আৰু গাড়ী চালক উৎপল বৰুৱাক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ গুলীত নিহত হোৱা ড্ৰাগছ ব্যৱসায়ী খাইৰুল ইছলামৰ চামগুৰিৰ গেৰুৱামুখত বুলি জানিব পৰা গৈছে।