আজিজ আলী
মুকালমুৱা : চেন্নাইৰ কৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত ৰে’লৰ পৰাই নিৰুদ্দেশ এজন যুৱক। মুকালমুৱাৰ কান্ধবাৰীৰ এজন যুৱক ৰে’লৰ পৰাই নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা যুৱকজনক পিতৃ-মাতৃয়ে চকুলোৰে বাট নেদেখা হৈছে। কেইজনমান সতীৰ্থৰ সৈতে চেন্নাইৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত নিৰুদ্দেশ হয় যুৱকজন।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কান্ধবাৰীৰ এগৰাকী যুৱক চেন্নাইৰ কৰ্মস্থলীৰ পৰা নিজ ঘৰমুখে আহি থাকোঁতে ৰে’লৰ পৰাই নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। চেন্নাইৰ পৰা ৰেলযোগে ঘৰলৈ উভতাৰ পথত নিৰুদ্দেশ হয় মুকালমুৱাৰ কান্ধবাৰীৰ ছহিদুল ইছলাম নামৰ ৩০ বছৰীয়া যুৱকজন।

ছহিদুল ইছলামৰ পৰিয়ালে জানিবলৈ দিয়ে যে প্ৰায় এমাহ পূৰ্বে চেন্নাইত গৈ এটা সূতাৰ কোম্পানীত কাম কৰিছিল ছহিদুল ইছলাম। যোৱা ১৪ নৱেম্বৰ তাৰিখে চেন্নাইৰ পৰা কেইজনমান সতীৰ্থৰ সৈতে অসম অভিমুখে ৰে’লযোগে যাত্ৰা আৰম্ভ কৰিছিল ছহিদুল ইছলামে। ১৫ নৱেম্বৰৰ নিশা ছহিদুল ইছলাম সতীৰ্থ সকলৰ সৈতে ৰে’লত শুই অৱস্থাৰ পৰাই নিৰুদ্দেশ হৈ পৰে।

ছহিদুল ইছলামৰ নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ পিছতে হাহাকাৰ লাগে ছহিদুল ইছলামৰ পৰিয়ালত। ছহিদুল ইছলামৰ সন্ধান বিচাৰি মুকালমুৱা আৰক্ষী থানাত লিখিত আবেদন জনাইছে ছহিদুল ইছলামৰ পৰিয়ালৰ লোকে। ইফালে ৰে’লত একেলগে যাত্ৰা কৰা ছহিদুল ইছলামৰ সতীৰ্থ সকলে এদিনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰি সন্দেহ প্ৰকাশ কৰিছে ছহিদুল ইছলামৰ পৰিয়ালে।

নিশা সতীৰ্থ সকলৰ সৈতে শুই থকা অৱস্থাত হঠাৎ কেনেকৈ নিৰুদ্দেশ হ’ল ছহিদুল ইছলাম, ক’ত গ’ল ছহিদুল ইছলাম ? এই প্ৰশ্নৰ উত্তৰত বিচাৰি ছহিদুল ইছলাম পিতৃ-মাতৃয়ে চকুলোৰে বাট নেদেখা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো ব্যক্তিয়ে ছহিদুল ইছলামৰ সম্ভেদ পালে পৰিয়ালৰ ৭০০২৯৮২০৩৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ছহিদুল ইছলামৰ পৰিয়ালৰ লোকে।