গুৱাহাটী : কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যকলৈ উত্তাল দেশৰ ৰাজনৈতিক পৰিৱেশ। দেশজুৰি কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। অসমতো যুৱ কংগ্ৰেছীয়ে ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি দাহ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি।

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ আক্ৰমণ চলাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সম্পৰ্কে এক বিতৰ্কিত মন্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ কর্মী সকলে দেশজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে। শনিবাৰে অসমতো কংগ্ৰেছ কর্মী সকলে ঠায়ে ঠায়ে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

শনিবাৰে দুপৰীয়াৰ ভাগত ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছ কর্মী সকলে ইয়াৰ বিৰুদ্ধে এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ কংগ্ৰেছৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে ৰাজীৱ ভৱনৰ পৰা এই প্ৰতিবাদী সমদল উলিয়াই ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছ কর্মী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

হাতে হাতে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধী শ্ল’গান লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ কর্মী সকলে। প্ৰতিবাদকাৰী সকলে আই-মাতৃক অপমান কৰা সহ্য কৰা নহ’ব বুলি মন্ত্যব কৰি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খোজৰ দাবী জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য গণতন্ত্ৰ ধ্বংসৰ ইংগিত বুলিও কয় প্ৰতিবাদকাৰী সকলে।