মানকাচৰ : মানকাচৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান। নুৰ হুছেইন নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ। দুমাহ পূৰ্বে গৃহৰক্ষী জোৱানৰ পদৰ পৰা নিলম্বন কৰা হৈছে নুৰ হুছেইনক। দীর্ঘদিন ধৰি পলাতক অৱস্থাত আছিল প্ৰাক্তন গৃহৰক্ষী জোৱানজন। 

গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থাকৰ অভিযোগ মানকাচৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীয়ে নুৰ হুছেইন নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে নিশা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰে।

চোৰাং গৰুৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাবলৈ যোৱাৰ খবৰ আগতীয়াকৈ গৰুৰ চোৰাং ব্যৱসায়ীক যোগান দি অহাৰ অভিযোগ প্ৰাক্তন গৃহৰক্ষী জোৱান নুৰ হুছেইনৰ বিৰুদ্ধে। যোৱা ৯ জানুৱাৰী নিশা নুৰ হুছেইনে ডি আই মহিন্দ্ৰা পিক আপ ভেন এখনেৰে বাংলাদেশলৈ চোৰাং গৰু নিয়া থকা অৱস্থাত আৰক্ষীয়ে চাৰিটা গৰুসহ বাহনখন জব্দ কৰিছিল। ইয়াৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল নুৰ হুছেইন।

দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা প্ৰাক্তন গৃহৰক্ষী জোৱান নুৰ হুছেইনক দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষকে গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত নিলম্বন কৰিছিল। অৱশেষত গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই প্ৰাক্তন গৃহৰক্ষী জোৱানজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।