মানকাচৰ : মানকাচৰত বিগত দুদিন ধৰি চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান। চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে মানকাচৰত বন বিভাগে তীব্রতৰ কৰি তুলিছে অভিযান। বিগত দুটা দিনত বন বিভাগে জব্দ কৰিছে প্ৰায় ৬ লাখ টকাৰ চোৰাং কাঠ। ৬ খনকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰিছে বন বিভাগে।

উল্লেখ্য যে একাংশ দল-সংগঠনৰ অভিযোগৰ অন্তত অৱশেষত মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী পূৰ্বাঞ্চলত অবৈধ কাঠফলা মিল আৰু চোৰাং কাঠৰ বিৰুদ্ধে ধুবুৰী জিলা বন বিভাগে আৰম্ভ কৰিছে অভিযান।অভিযোগ অনুসৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায় ৩০ ৰ পৰা ৪০ টা অবৈধ কাঠফলা মিল আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ বন সম্পদ ধ্বংস কৰি মানকাচৰৰ একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়।

অবৈধ কাঠফলা মিলত চোৰাং কাঠৰ কুণ্ডা সমূহ ফালি প্ৰতি দেওবাৰে জিলাৰ সদৰ হাটশিঙিমাৰিস্থিত খাৰুৱাবান্ধা সপ্তাহিক বজাৰ, দক্ষিণ শালমাৰাৰ পাটাকাটা সপ্তাহিক বজাৰ, শুক্ৰবাৰে দক্ষিণ শালমাৰাৰ পাৰ্শ্বৱৰ্তী মাগুৰমাৰী সপ্তাহিক বজাৰ, অসম-মেঘালয় সীমান্তবৰ্তী পুঠিমাৰী সপ্তাহিক বজাৰকে ধৰি কেবাটাও স্থানত বিক্ৰী কৰা হয় এই চোৰাং কাঠসমূহ। সকলো দেখিও দীর্ঘদিন ধৰি নেদেখাৰ ভাও জুৰি আছিল মানকাচৰ আৰু হাটশিঙিমাৰী বন বিভাগে।

বাৰম্বাৰ অভিযোগ দিয়াৰ অন্তত অৱশেষত ধুবুৰী জিলা বন বিভাগৰ বিষয়া ছালাম উদ্দীন সৰকাৰৰ নেতৃত্বত বন বিভাগৰ দল এটা মানকাচৰত বাহৰ পাতিছে। বিগত তিনি দিন ধৰি বাহৰ পতা দলটো বিশেষকৈ চোৰাং কাঠৰ ঘটি সদৃশ পূৰ্বাঞ্চলত চলাইছে অভিযান। বন বিভাগৰ এই অভিযানত বন কৰ্মীৰ লগতে আৰক্ষী, জিলা প্ৰশাসনে সহযোগ কৰিছে। বন বিভাগ আৰু জিলা কাৰ্যবাহী দণ্ডাধীশ বিষয়া তুলসী ৰঞ্জন কলিতাৰ নেতৃত্বত অভিযানকাৰী দলটো প্ৰথম দিনা অসম-মেঘালয় সীমান্তবৰ্তী ফুটামাৰী পাহাৰত অভিযান চলায়।

বন বিভাগৰ প্ৰথম দিনৰ অভিযানত এটা মহিন্দ্ৰা পিক আপ ভেনসহ প্ৰায় ২০০ চেফটি কাঠৰ কুণ্ডা জব্দ কৰি দুখন অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হয়। দ্বিতীয় দিনৰ অভিযান চলে মেঘালয় সীমান্তবৰ্তী চাটিভূঁই আৰু কুৰালভাঙা এলেকাত অভিযান চলায়। অভিযানকালত মুঠ ৪ খন অবৈধ কাঠফলা মিল উচ্ছেদ কৰি প্ৰায় ৩০০ চেফটি কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগে। বিগত দুটা দিনত মাত্ৰ ৬ খনকৈ অবৈধ কাঠফলা মিলৰ পৰাই প্ৰায় ৬ লাখ টকাৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিছে বন বিভাগে।

প্ৰতিটো অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হ’ব বুলি বন বিভাগে জানিবলৈ দিছে। ইফালে ইতিমধ্যে বন বিভাগৰ এই অভিযানকাৰী দলটো ধুবুৰীৰ পৰা জিলাখনত বাহৰ পাতি অভিযান চলাই থকাৰ খবৰ পাই চোৰাং ব্যৱসায়ী সকলে মিলত জমা কৰি ৰখা চোৰাং কাঠ স্থানান্তৰ কৰা বুলিও জানিব পৰা গৈছে। জিলাখনত চোৰাং কাঠ আৰু অবৈধ কথাফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত থাকিব বুলি বন বিভাগে জানিবলৈ দিছে।