গুৱাহাটী : মহানগৰী গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় ২৫ টাকৈ ঘৰ। এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ঘৰত প্ৰথমে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

শুকুৰবাৰে পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। মহানগৰীৰ পাথৰকুচিত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ঘৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ২৫ টাকৈ ঘৰ ভস্মীভূত হয়।

পাথৰকুচিত প্ৰাক্তন আৰক্ষী বিষয়া নবীন চন্দ্ৰ বৰাৰ ঘৰত সংঘটিত হৈ এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীৰ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীৰ ২৫ টাকৈ ভাড়া ঘৰ ভস্মীভূত হয়। প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীৰ ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীৰ ৩০ টাতকৈও অধিক ভাড়া ঘৰ আছে আৰু ইয়াৰে ২৫ টা ঘৰ ভস্মীভূত হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডত তিনিখনকৈ বাহনো জ্বলি ভস্মীভূত হয়। উল্লেখ্য যে অগ্নিকাণ্ডৰ পিছৰে পৰা এটি শিশু সন্ধানহীন হৈ আছে।