মানকাচৰ : ছমহীয়া শিশুক হত্যা। শোৱাপাটিৰ পৰা অপহৰণ কৰি হত্যা এটি ছমহীয়া শিশুক। নদীৰ পাৰত উদ্ধাৰ শিশুটিৰ মৃতদেহ। ছমহীয়া শিশুটিৰ অপহৰণ আৰু হত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত মলাখোৱাত এটি ছমহীয়া শিশুক শোৱাপাটিৰ পৰা দুস্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। অপহৰণৰ প্ৰায় ১০ ঘণ্টাৰ অন্তত শিশুটিৰ মৃতদেহ নদীৰ পাৰত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আন দিনৰ দৰে শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত মলাখোৱা গাঁৱৰ সাহিল আলম নামৰ লোকজনৰ পত্নী নিজৰ ছমহীয়া কন্যা শিশুক লৈ টোপনিত যায়। নিশা প্ৰায় ১ বজাত হঠাৎ শিশুটি বিছনাত দেখা নাপাই পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। দুস্কৃতিকাৰীয়ে ঘৰৰ দৰ্জা ভাঙি শিশুটিক শোৱাপাটিৰ পৰা অপহৰণ কৰাত পৰিয়ালৰ মাজত আতংকৰ সৃষ্টি হয়।

নিশাই পৰিয়ালৰ লোকে গাঁৱৰ বিভিন্ন ঠাইত তালাচি চলায় যদিও শিশুটিৰ সম্ভেদ নোপোৱাত পুৱাৰ ভাগত সুখচৰ থানাত অৱগত কৰে। সুখচৰ আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে যদিও অপহৰণৰ প্ৰায় ১০ ঘণ্টাৰ অন্তত পুৱা প্ৰায় ১০ বজাত শিশুটিৰ মৃতদেহ অসম-মেঘালয় সীমান্তবৰ্তী জিনজিৰাম নদীৰ পাৰত উদ্ধাৰ হয়।

একাংশ লোক নদীৰ পাৰত ঘাঁহ কাটিবলৈ গৈ শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ থানাৰ আৰক্ষীৰ লগতে সুখচৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। একেদৰে হাটশিঙিমাৰী জিলা অতিৰিক্ত আৰক্ষী সত্য ৰঞ্জন শইকীয়া, জিলা কাৰ্যবাহী বিষয়া তুলসী ৰঞ্জন কলিতাও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

ইফালে শিশুটিৰ মৃতদেহ মেঘালয়ৰ মাটিত উদ্ধাৰ হোৱা বাবে মেঘালয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰালৈ প্ৰেৰণ কৰে। শিশুটিক কোনে কি কাৰণত এইদৰে অপহৰণ কৰি হত্যা কৰি নদীৰ পাৰত পেলাই দিলে সেয়া এতিয়ালৈ ৰহস্যৰ আৱৰ্তত। সূচখৰ আৰক্ষীয়ে ঘটনাক লৈ অনুসন্ধান আৰম্ভ কৰিছে।

ছুৰাইয়া পাৰভিন নামৰ ছমহীয়া শিশুটিৰ পিতৃ সাহিল আলম চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন ঠাইত দিন হাজিৰা কৰি পৰিয়ালক পোহাল দিয়ে। কৰ্মসূত্ৰে সাহিল আলম ঘৰত নথকাৰ মাজতে এইদৰে মাতৃৰ বুকুৰ পৰা কিদৰে দুস্কৃতিকাৰীকাৰীয়ে ঘৰৰ দৰ্জা ভাঙি শিশুটিক অপহৰণ কৰিলে ইয়াকেলৈ ভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে।