সোণতলী : এজন প্ৰেমীক। যুৱতী-মহিলাক দিয়ে প্ৰেমৰ প্ৰস্তাৱ। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে প্ৰেমীকজনে অশ্লীল ফটোৰ লগতে যুৱতী-মহিলাৰ ফটো সংযোগ কৰি ভাইৰেল কৰে। পিছে এইবাৰ দিন বেয়া আছিল, এগৰাকী যুৱতীৰ ফটো এডিটিং কৰি দেৱালে দেৱালে লগাই ৰঙা ঘৰৰ আলহী হ’ল প্ৰেমীকজন।

এশ গৰু মাৰিলে বাঘৰো মৰণ। যুৱতী-মহিলাই প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে অশ্লীল ফটো ভাইৰেল কৰা প্ৰেমীক অৱশেষত আৰক্ষীৰ জালত পৰিল। দক্ষিণ কামৰূপৰ সোণতলীৰ ৩ নং দক্ষিণ ৰাঙাপানী গাঁৱৰ এই লম্পট প্ৰেমীকজনৰ নাম ছেকান আলী। শেহতীয়াকৈ লম্পটৰূপী প্ৰেমীক ছোকান আলীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছিল এগৰাকী যুৱতীক কিন্ত যুৱতী গৰাকীয়ে গ্ৰহণ নকৰিলে প্ৰেমৰ প্ৰস্তৱ।

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ছোকান আলীয়ে অশ্লীল ফটোৰ লগত যুৱতী গৰাকীৰ ফটো কম্পিউটাৰত এডিটিং কৰি অশ্লীল বাক্য সংযোগ কৰি দেৱালে দেৱালে লগাই দিলে। ঘটনা সংক্ৰান্তত যুৱতী গৰাকী়য়ে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ছেকান আলীক শুকুৰবাৰে নিশা আটক কৰে।

জানিব পৰা মতে যুৱতী গৰাকীৰ ফটো অশ্লীল ফটোৰ এডিটং কৰি অশ্লীল বাক্য লিখি দেৱালে দেৱালে পোষ্টাৰিং কৰা কাৰ্যৰ লগত মুঠ ৬ জনকৈ যুৱক জড়িত আছে। ভুক্তভোগী যুৱতী গৰাকীয়ে ৬ জন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও মূল অভিযুক্ত ছোকান আলী জালত পৰিছে। অনা ৫ জন যুৱক বর্তমানেও পলাতক অৱস্থাত আছে।