আমিনুৰ ৰহমান
শিৱসাগৰ : শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী কংগ্ৰেছ দলৰ।

অত্যাৱশ্যকীয় সা-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে।

পেট্ৰ’ল-ডিজেল আদিকে ধৰি প্ৰতিবিধ সামগ্ৰী আৰু সেৱাৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হোৱাৰ ফলস্বৰূপে সৰ্বসাধাৰণ ৰাইজ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়।

ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া “অচ্ছে দিন”ৰ প্ৰতিশ্ৰুতি পালন কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনায়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে চৰকাৰে দুখীয়া ৰাইজৰ মূৰত মাধমাৰ শোধাইছে বুলি কংগ্ৰেছ দলৰ প্ৰতিবাদকাৰী নেতা-কৰ্মীয়ে অভিযোগ কৰে।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায়, হায়, ৰাজ্য চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।