মানিকপুৰ, ২৫ জুনঃ বঙাইগাঁৱৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা বজাৰত নিশা স্থানীয় লোকে তিনিজন শিশু চোৰক হাতে লোটে কৰায়ত্ত কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি শিশু চোৰ তিনিটাই চুৰি কৰিবলৈ লওঁতেই শ্বৰিফুল ইছলাম নামৰ এজন দোকানীয়ে হাতে লোটে ধৰা পেলায়। ইয়াৰে ছামিনুৰ ইছলাম (১৩) আৰু ইমদাদুল হকক (১৪) দোকানীজনে কৰায়ত্ত কৰে যদিও মজমুল হক নামৰ আনটো চোৰ পলায়ন কৰে৷ স্থানীয় লোকে দুয়োকে উত্তম মধ্যম শোধাই পৰিয়ালক গতাই দিয়ে। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ভাণ্ডাৰা বজাৰৰ এখন দোকানৰ পকী দেৱাল ভাঙি কম্পিউটাৰসহ বিভিন্ন সা-সামগ্ৰী চুৰি হৈছিল। ইয়াৰ উপৰি আন এখন মোবাইল দোকানৰ পৰা মোবাইল চুৰি হৈছিল। স্থানীয় লোকৰ অভিযোগ মতে অঞ্চলটোত আৰক্ষীৰ নিৰ্লিপ্ত ভুমিকাত বিভিন্ন অসামাজিক কাম, জুৱা, তীৰ খেলা বৃদ্ধি পাইছে৷ যাৰ বাবে অঞ্চলটোত চুৰিৰ দৰে ঘটনা বৃদ্ধি পাইছে।