বালিপাৰা, ২৫ জুনঃ শোণিতপুৰৰ বালিপাৰাৰ জৰাসৰ আৰু কালনী নৈয়ে কালৰূপ ধাৰণ কৰি বিগত পাঁচ দিন ধৰি তাণ্ডৱ অব্যাহত ৰখাৰ মাজতে পুনৰ বাঢ়নী পানীয়ে বালিপাৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, দীঘলী বালিজান, কমাৰীগাঁও, এৰাগাঁও, দীঘলী, বামগাঁও, বালিপৰা প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰ আদি অঞ্চল বুৰাই পেলাইছে। যাৰ কাৰণে বালিপাৰা হৈ যাতায়ত কৰা লোকৰ লগতে সমগ্ৰ বালিপাৰাবাসী ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে । বাঢ়নী পানীয়ে  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ক্ষতিসাধন কৰাৰ লগতে পথটোত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। বানত ফলত দীঘলী বালিজান প্ৰাথমিক বিদ্যালয়, কমাৰীগাঁও প্ৰাথমিক, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিপৰা মজলীয়া বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ত পাঠদান কাৰ্য ব্যাহত হৈছে। আনহাতে, কালনী নৈৰ  বাঢ়নী পানীয়ে  বালিপাৰাৰ ওপৰ কছাৰী গাঁৱৰ তিনিটাকৈ কালভাৰ্ট উটুৱাই  নিয়াৰ  ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। কালনী নৈৰ বাঢ়নী পানীয়ে যিকোনো মূহুৰ্ততে বালিপৰা-ৰঙাপৰা সংযোগী  একমাত্ৰ আমাৰীবাৰীৰ দলঙখন উটুৱাই  নিয়াৰ আঁশকাত সৰ্বসাধাৰণ শংকিত হৈ পৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্য নৈ খনে দলঙৰ কাষৰ এটা অংশ খহাই নিয়াত ৰঙাপৰা-বালিপাৰা পথৰ যাতায়ত ব্যাহত হৈছে৷ ইয়াৰ উপৰি বালিপাৰাৰ পৰিদৰ্শন ঘৰ, বিদ্যুৎ বিভাগৰ কাৰ্যালয়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ চৌহদো সৰ্ম্পূণ ৰূপে পানীত বুৰ যায়। জৰাসৰ আৰু কালনী নৈয়ে কালৰূপ ধাৰণ কৰি শোণিতপুৰৰ বালিপাৰাত ব্যাপক ক্ষতি কৰাৰ পিছতো ৰঙাপাৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস তথা পঞ্চায়ত প্ৰতিনিধিয়ে অঞ্চলটোৰ খবৰ নোলোৱাৰ স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে, অসমৰ বান সন্দৰ্ভত ৰাজ্য চৰকাৰে চূড়ান্ত অনমনোযোগীতা দেখুৱাৰ অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷