জোনমণি বেগম
বিশ্বনাথ : আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিশ্বনাথত হোটেল লি প্লেছৰ উদ্যোগত অনুষ্ঠিত ৰক্ত দান শিবিৰ। অৰ্ধ শতাধিক লোকে ৰক্ত দান কৰিলে। ৰক্তদান শিবিৰৰ ফলত বিশ্বনাথ জিলা ৰক্ত ভাণ্ডাৰত হোৱা ৰক্তৰ অভাৱৰ সমস্যা কিছু পৰিমাণে সমাধান।

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় চৌহদৰ ৰক্ত ভাণ্ডাৰত হেটেল লি প্লেছৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰত হোটেল লি প্লেছৰ স্বতাধিকাৰী অঞ্জন বৰাই উদ্যোগ গ্ৰহণ কৰি বিশ্বনাথ জিলা ৰক্ত ভাণ্ডাৰ সহযোগীতাত হোটেলখনৰে ২৭ জনকৈ কৰ্মচাৰীয়ে ৰক্ত দান কৰে।

ইয়াৰ উপৰিও জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে ৰক্ত দান শিবিৰত উপস্থিত থাকি ৰক্ত দান কৰে। প্ৰায় অৰ্ধ শতাধিক লোকে এই ৰক্ত দান শিবিৰৰ জৰিয়তে ৰক্ত দান কৰে। বিশ্বনাথ ৰক্ত ভাণ্ডাৰত কিছুদিনৰ ধৰি ৰক্তৰ অভাৱ ঘটি আছিল আৰু হোটেল লি প্লেছৰ এই ৰক্ত দান শিবিৰৰ জৰিয়তে জিলাখনৰ ৰক্ত ভাণ্ডাৰৰ অভাৱ কিছু পৰিমাণে সমাধান হয়।