মানকাচৰ : ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূতি উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে পুৱা ৮ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত জিলা প্ৰশাসনে ৪৪ জন যুৱকক লৈ ২২ কিলোমিটাৰজোৰা এক ৰিলে ৰেলী উলিয়ায়। এই ৰিলে ৰেলী কাৰ্যসূচী উপলক্ষে শিশুমাৰা ভাৰত-বাংলাদেশ সীমান্তত জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, কেবাগৰাকী অতিৰিক্ত উপায়ুক্ত, বি এছ এফৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।

উপায়ুক্ত পল্লৱী সৰকাৰে এই ৰিলে ৰেলী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত জিলা সহকাৰী আৰক্ষী অধীক্ষকসহ আন এজন যুৱকে হাতত ৰাষ্ট্রীয় পতাকা লৈ কাঁইটীয়া তাঁৰৰ বেৰ সীমান্তৰ কাষেৰে দৌৰ আৰম্ভ কৰে। এক কিলোমিটাৰ দূৰত্বত গৈ যুৱকজনে ৰাষ্ট্ৰীয় পতাকাখন অন্য দুজন যুৱকৰ হাতত তুলি দিয়াত যুৱক দুজনে পতাকা লৈ দৌৰ আৰম্ভ কৰে। শিশুমাৰাৰ পৰা মানকাচৰৰ সাহাপাৰালৈ ২২ কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাষৰ পথতত মুঠ ৪৪ জন যুৱকে এই ৰিলে ৰেলী সম্পন্ন কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই শনিবাৰৰ পৰা জিলাখনৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। জিলাখনত শনিবাৰে দুই লক্ষাধিক লোকৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে বুলি জানিব পৰা গৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসী মাজত স্বাধীনতা দিৱস উদযাপনকলৈ এইবাৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। জিলাখনত প্ৰশাসনৰ লগতে ৰাইজে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে।