গোৱালপাৰা : গোৱালপাৰাত গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ বন কৰ্মীয়ে গুলী চালনা কৰে। বন মাফিয়াক লক্ষ্য কৰি গোৱালপাৰা বন কৰ্মীয়ে গুলী চালনা কৰে। বন মাফিয়াৰ দল এটাই নদী পথেৰে কাঠ সৰবৰাহ কৰি থকা সময়তে বন কৰ্মীয়ে বন মাফিয়াৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে।

গোৱালপাৰাত বন মাফিয়াৰ এটা দলক লক্ষ্য কৰি বন কৰ্মীয়ে গুলী চালনা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোৱালপাৰাৰ জিলাৰ অন্তৰ্গত লক্ষীপুৰৰ তুলসীবাৰীত বন মাফিয়াৰ দলক লক্ষ্য কৰি বন কৰ্মীয়ে গুলী চালনা কৰে। বন মাফিয়াৰ দলটোৱে ব্ৰহ্মপুত্ৰ নদী পথেৰে কাঠ সৰবৰাহ কৰি থকা সময়ত দলটোক আটক কৰিবলৈ বন কৰ্মীয়ে গুলী চালনা কৰে।

তুলসীবাৰী ঘাটেৰে বন মাফিয়াৰ দল এটাই মূল্যবান কাঠ সৰবৰাহৰ খবৰ লাভ কৰি বন বিভাগৰ এটা দল তুলসীবাৰী ঘাটত উপস্থিত হৈ অভিযান চলায়। অভিযানকালত লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ লগতে বন কৰ্মীৰ দলটোক বন মাফিয়াৰ দলটোৱে আক্ৰমণৰ চেষ্টা চলায়। ফলত আত্মৰক্ষাৰ বাবে বন কৰ্মীৰ দলটোৱে শূন্যলৈ গুলী চালনা কৰে।

বন কৰ্মীয়ে গুলী চালনা কৰাত বন মাফিয়াৰ দলটো নদী পথেৰে পলায়ন কৰে। বন বিভাগৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুখন ট্ৰেক্টৰৰ পৰা প্ৰায় পাঁচ লাখ টকাৰ মূল্যবান কাঠৰ লগতে এএছ-১৮-কে-৫৪১৪ নম্বৰৰ এখন পালছাৰ বাইক জব্দ জব্দ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোত দীর্ঘদিন ধৰি চূড়ান্ত কাঠৰ সৰবৰাহ চলি আছিল বুলি জানিব পৰা গৈছে।