শ্বিলং : দেশৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টে শেহতীয়াকৈ মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰৰ মেধাৱী শিক্ষাৰ্থী সকলক “ষ্টাৰ স্ক’লাৰশ্বিপ এৱাৰ্ডচ ২০২২” প্ৰদান কৰে। ষ্টাৰ চিমেণ্টে অলপতে স্থানীয় দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ বাবে এটা মেধা পৰীক্ষাৰ আয়োজন কৰে। ষ্টাৰ পাব্লিক স্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মেধা পৰীক্ষাত এঘাৰখন বিদ্যালয়ৰ কেবাশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। দেশৰ জনপ্ৰিয় চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টৰ অধীনৰ এই বৃত্তি কাৰ্যসূচীত ৫৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক তালিকাভুক্ত কৰা হৈছে আৰু এই শিক্ষাৰ্থী সকলক নগদ ধনৰ পুৰস্কাৰ, স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

মেধা পৰীক্ষাৰ ভিত্তিত, শিক্ষাৰ্থী সকলক তিনিটা শ্ৰেণীত বাছনি কৰা হৈছিল। প্ৰথম শ্ৰেণীত যোগ্যতা অৰ্জন কৰা ১০ গৰাকী শিক্ষাৰ্থীক ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়, আনহাতে দ্বিতীয় শ্ৰেণীৰ ২১ গৰাকী শিক্ষাৰ্থীক ৩০ হাজাৰ টকাৰ চেক আৰু তৃতীয় শ্ৰেণীৰ ২৫ গৰাকী শিক্ষাৰ্থীক ১৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। উল্লেখ্য যে ষ্টাৰ চিমেণ্টে লুমশ্নং গাঁৱৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ আঠজন শিক্ষাৰ্থীক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। মেঘালয়ৰ ষ্টাৰ চিমেণ্ট চিএছআৰ প্ৰকল্পৰ শিক্ষা উপাদানৰ অধীনত বৃত্তি কাৰ্যসূচী আৰু বিত্তীয় সাহায্য আৰম্ভ কৰা হৈছিল। সকলো যোগ্য প্ৰাৰ্থীৰ মাজত প্ৰায় ২৪ লাখ টকা বিতৰণ কৰা হয়।

ষ্টাৰ চিমেণ্টৰ মুখ্য ৰণনীতি বিষয়া প্ৰদীপ পুৰোহিতে সকলো সফল শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰে আৰু ষ্টাৰ স্ক’লাৰশ্বিপ বঁটা, ২০২২ ত অংশগ্ৰহণ কৰা সকলো শিক্ষাৰ্থীকে কৃতজ্ঞতা জ্ঞাপন কৰে। এই উদ্যোগ সন্দৰ্ভত মন্তব্য কৰি প্ৰদীপ পুৰোহিতে কয়, “পূৱ জয়ন্তীয়া পাহাৰৰ শিক্ষাৰ্থী সকলৰ মাজত এক ইতিবাচক শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ষ্টাৰ চিমেণ্টৰ অভিপ্ৰায় ব্যক্ত কৰি মই সদায় আনন্দিত হও। ষ্টাৰ চিমেণ্টে অঞ্চলটোৰ সকলো যোগ্য শিক্ষাৰ্থীক বৃত্তি প্ৰদান কৰা অব্যাহত ৰাখিব, যাতে তেওঁলোকে তেওঁলোকৰ শিক্ষাগত ক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় আৰু তেওঁলোকৰ ব’ৰ্ড পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ অনুপ্ৰাণিত হয়।”

উল্লেখ্য যে মেঘালয়ৰ লুমশ্নঙ ষ্টাৰ পাব্লিক স্কুলত মেঘালয় চৰকাৰৰ শিক্ষা বিভাগৰ সচিব আৰ ৰাপ্থাপৰ উপস্থিতিত চেক আৰু প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত পূৱ জয়ন্তীয়া পাহাৰ জিলাৰ উপায়ুক্ত অভিলাষ বাৰণৱাল, বিদ্যালয় শিক্ষাৰ যুটীয়া সঞ্চালক এল এছ লিংডো আৰু বিদ্যালয় শিক্ষাৰ স্থানীয় সঞ্চালক এমলাংকি লামাৰো উপস্থিত থাকে। ষ্টাৰ চিমেণ্ট লিমিটেডৰ আৱাসিক সঞ্চালক দেৱেন্দ্ৰ বাঞ্চাল আৰু ষ্টাৰ চিমেণ্ট, লুমশ্নঙৰ প্ৰশাসক তেজবীৰ সিঙেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।