গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানাৰ (Zoo) পৰা আহিছে ভাল খবৰ। বছৰৰ আৰম্ভণিতে অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুন আলহী। মঙলবাৰে চিৰিয়াখানাত ৰাণীয়ে জন্ম দিলে দুটা পোৱালি। পোৱালি দুটাৰ পিতৃ লিঅ’।

বছৰৰ আৰম্ভণিতে অসম ৰাজ্যিক চিৰিয়াখানাত ৰাণী নামৰ সিংহজনীয়ে দুটা পোৱালি জন্ম দিয়ে। মঙলবাৰে জন্ম পোৱা সিংহৰ পোৱালি দুটা সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ কৰ্তৃপক্ষই। ৰাণীয়ে ইয়াৰ পূৰ্বেও এটা সিংহৰ পোৱালি জন্ম দিছিল।

পোৱালি দুটাৰ পিতৃ লিঅ’ নামৰ সিংহ বুলিও চিৰিয়াখানাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বৰ্তমান পোৱালি দুটাক মাকৰ লগত পৃথকে ৰখা হৈছে আৰু প্ৰায় এসপ্তাহ পোৱালি দুটা মাকৰ লগতে থাকিব। চিৰিয়াখানাৰ চিকিৎসকে পোৱালি দুটাৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আছে।

পোৱালি দুটাৰ নাম বৰ্তমানলৈকে ঠিৰাং কৰা হোৱা নাই। উল্লেখ্য যে ৭ বছৰীয়া ৰাণী নামৰ সিংহজনীক গুজৰাটৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল। ৰাণীৰ লগতে লিঅ’কো গুজৰাটৰ পৰা আনিছিল। চিৰিয়াখানাত সিংহৰ পোৱালি দুটা জন্ম পোৱাত উৎফুল্লিত হৈ পৰিছে চিৰিয়াখানাৰ কৰ্মী সকল।

বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাত ৭ টাকৈ সিংহ আছে। ইয়াৰে চাৰিটা সিংহ বহিঃৰাজ্যৰ পৰা অনা হৈছিল আৰু ৩ টা সিংহ অসম ৰাজ্যিক চয়ৰিয়াখানাত জন্ম হৈছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানাত এটা ঘোংৰ পোৱালি জন্ম হৈছিল।