নিউজ ডেস্ক : উত্তৰ-পূবৰ তিনিখন ৰাজ্য ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে (Assembly Election)। বুধবাৰে নিৰ্বাচন আয়োগে কয় যে তিনিওখন ৰাজ্যতে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত, ২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ডে নিৰ্বাচনত অনুষ্ঠিত হ’ব। অহা ২ মাৰ্চত তিনিওখন ৰাজ্যতে ভোটগণনা অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে তিনিওখন ৰাজ্যতে বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি। নাগালেণ্ডত বিধানসভাৰ কাৰ্যকাল ১২ মাৰ্চত, মেঘালয়ত ১৫ মাৰ্চত আৰু ত্ৰিপুৰাত বিধানসভাৰ কাৰ্যকাল ২২ মাৰ্চত শেষ হ’ব। ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ থাকৰ পৰিবৰ্তে মেঘালয় আৰু নাগালেণ্ডত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অংশ। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জনোৱা মতে, ২১ জানুৱাৰীত ত্ৰিপুৰা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৩০ জানুৱাৰী। ২ ফেব্ৰুৱাৰীলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব।

অহা ৩১ জানুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত জাৰি কৰা হ’ব অধিসূচনা। দুয়োখন ৰাজ্যতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৭ ফেব্ৰুৱাৰী। মেঘালয় আৰু নাগালেণ্ডত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১০ ফেব্ৰুৱাৰী। নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য তিনিখনত মুঠ ৬২.৮ লাখ ভোটাৰ আছে। ইয়াত ৩১.৪৭ লাখ মহিলা ভোটাৰ আছে। ৮০ বছৰৰ ওপৰৰ ভোটাৰৰ সংখ্যা হৈছে ৯৭ হাজাৰ। প্ৰতিবন্ধী ভোটাৰৰ সংখ্যা ৩১,৭০০। ২৬০০ ভোটাৰৰ বয়স ১০০ বছৰৰ ওপৰৰ। তিনিওখন ৰাজ্যতে ১.৭৬ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান অংশগ্ৰহণ কৰিব।

নিৰ্বাচন আয়োগে তিনিওখন ৰাজ্যতে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান কৰা হ’ব। আনহাতে, ২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তিনিওখন ৰাজ্যতে ২ মাৰ্চত ভোটগণনা হ’ব। তিনিওখন ৰাজ্যতে থাকিব ৯০০০ৰো অধিক ভোটকেন্দ্ৰ। ইয়াৰে ৩৭৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। নিৰ্বাচন আয়োগে এতিয়া এটা নিয়ম প্ৰণয়ন কৰিছে যে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰদান কৰা শৌচাগাৰ, ৰেম্প আৰু পানীৰ সুবিধাসমূহ অস্থায়ী নহয়, স্থায়ী হ’ব লাগে।

যিবোৰ বিদ্যালয়ত এই সা-সুবিধা নাই সেইবোৰ বিদ্যালয়ৰ বাবে এইটো হ’ব নিৰ্বাচন আয়োগৰ উপহাৰ। যোৱাবাৰো নিৰ্বাচন আয়োগে ১৮ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল। ২০১৮ চনত তিনিখন ৰাজ্যত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৭ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ত মেঘালয় আৰু নাগালেণ্ডে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ত্ৰিপুৰাৰ ৬০ খন আসনত বিজেপিয়ে লাভ কৰিছিল ৩৬ খন আসন।

মেঘালয়ত বিজেপিয়ে ২ খন আসন, এনপিপিয়ে ১৯ খন, কংগ্ৰেছে ২১খন আৰু আন দল সমূহে ১৮ খন আসন লাভ কৰিছিল। নাগালেণ্ডত মুঠ ৬০ খন আসন আছে। ইয়াত এন পি এফে সৰ্বাধিক ২৬ খন আসন লাভ কৰিছিল। এনডিপিপিয়ে ১৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১২ খন আসন লাভ কৰিছিল। অন্যান্য দল সমূহে লাভ কৰিছিল ৪ খন আসন।