কাজিৰঙা, ৪ জুলাইঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰক৷ এই আহ্বান জীপাল কৃষক শ্ৰমিক সংঘৰ৷ বনবিভাগৰ গুলীত আহত হোৱা কাজিৰঙাৰ ৮ বছৰীয়া শিশু আকাশ ওৰাঙক সুস্থ কৰি তোলাৰ লগতে দিল্লীৰ এইমছত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবীত কাজিৰঙাৰ কঁহৰা চাৰিআলিৰ পদপথত এক সংবাদমেলৰ আয়োজন কৰি বনমন্ত্ৰীক জীপাল কৃষক শ্ৰমিক সংঘই এই আহ্বান জনায়৷ সংবাদমেলত জীপালৰ নেতৃবৃন্দই কয় যে,  বনকৰ্মীৰ গুলীত আহত হোৱা আকাশৰ ভৰিখন বৰ্তমানেও গুলীবিদ্ধ হৈ বিকল হৈ আছে৷ আকাশ সুস্থ হৈ নুঠালৈ বনবিভাগে দ্বায়িত্ব ল’বই লাগিব৷ উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে কাজিৰঙাৰ শ’লমৰাত আকাশ ওৰাং নামৰ শিশুটো বিয়লি ঘৰলৈ উভতাৰ পথত বনকৰ্মীৰ গুলীত আহত হৈছিল৷ আকাশৰ সোঁভৰিত গুলী লাগি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল৷ বনবিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বিৰুদ্ধে আকাশৰ উন্নত চিকিৎসাৰ দাবী তুলি প্ৰতিবাদ কৰিছিল বিভিন্ন দল সংগঠনে৷ ইয়াৰ পাছতে বনবিভাগৰ লগতে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আকাশৰ চিকিৎসা বহন কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰে যদিও বিগত এটা বছৰে জিএমচিএইছত চিকিৎসা কৰাৰ পাছতো শিশুটো সুস্থ হৈ নুঠাত পৰিয়ালটোৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আকাশৰ উন্নত চিকিৎসাৰ বাবে এআইআইএমএছ লৈ প্ৰেৰণ কৰাৰ লগতে আকাশক এটি মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ দাবীত জীপালে সংবাদমেলখনৰ আয়োজন কৰে৷