তিতাবৰ, ৭ জুলাইঃ অসমৰ বিভিন্ন স্থানৰ লগতে তিতাবৰটো বানপানী ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বর্তমানৰ বিধায়ক তৰুণ গগৈৰ নিজ গৃহ সমষ্টি তিতাবৰৰ কেবাখনো গাওঁ প্ৰলয়কাৰী  বানৰ কৱলত। কাকডোঙা নদীৰ পানীয়ে বুৰাইছে জোনাকী মণ্ডল, বিলগাওঁ, নাওপেটাকে ধৰি তিতাবৰ  ৰাজহ চক্ৰৰৰ অন্তৰ্গত কেইবাখনো গাওঁ।  বৃহত্তৰ অঞ্চল সমূহৰ প্ৰায়বোৰ বাট-পথ বানপানীত বুৰ যোৱাৰ উপৰিও  বানত ছিঙিছে বহু পথ আৰু নষ্ট হৈছে বহু হেক্টৰ কৃষি ভূমি। অঞ্চলসমূহত বন্যাৰ্তই কলগছৰ ভুৰেৰে  বিপদসংকুল ভাবে যাতায়ত কৰিবলগীয়া হৈছে। খাদ্য সংকটত পৰিছে বন্যাৰ্তৰ লগতে পশুধন। হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত কিন্তু খবৰ  নাই জনপ্ৰতিনিধি তথা প্ৰশাসনৰ । নেৰানেপেৰা বৰষুণৰ ফলত বানপানী হৈ এমাহৰ ভিতৰতে প্ৰায় শতাধিক পৰিয়াল গৃহহীন হৈ ৰাস্তাত অথবা মথাউৰিত বসবাস কৰিছে যদিও স্থানীয় প্ৰশাসনে  কোনো ধৰণৰ সাহাৰ্য্য নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় লোকে। বানত ককবকাই থকা বন্যাৰ্তৰ কাষত  আহিবলৈ আহৰি নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰ্তমানৰ বিধায়ক তৰুণ গগৈয়েও। তিতাবৰত বন্যাৰ্তৰ মাজত এটাই প্ৰশ্ন, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিৰ হোৱা কাৰণেই বৰ্তমানৰ বিজেপি চৰকাৰে অৱহেলা কৰিছে তিতাবৰ বাসীক।