নিউজ ডেস্ক, ৩০ অক্টোবৰ, ২০২৩ : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ (Fire incident in Veerbhadra Nagar)। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা অব্যাহত। ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত।

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ বীৰভদ্ৰনগৰ অঞ্চলৰ এটা ব্যক্তিগত বাছ অৱস্থানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বেংগালুৰু মহানগৰীৰ বীৰভদ্ৰনগৰ অঞ্চলৰ বাছ অৱস্থানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ভয়াবহ ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টোত জুইৰ শিখা আৰু ক’লা ধোঁৱা বাছ অৱস্থানৰ আকাশ আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে। অগ্নিকাণ্ডৰ ঘটনাত বাছ অৱস্থানত ৰখাই থোৱা ৪০ খনতকৈও অধিক বাছ ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই আছে। স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে সক্ৰিয় হৈ পৰে। লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ বেংগালুৰু চহৰত অগ্নিকাণ্ডৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। কিছুদিন পূৰ্বে বেংগালুৰু চহৰৰ এটা কেফে আৰু ফটকা গুদামত অগ্নিকাণ্ড সংঘটিত হৈছিল। ইয়াৰ পিছতে সোমবাৰে (৩০ অক্টোবৰ) ব্যক্তিগত বাছ অৱস্থানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জাহ যায়। অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।

অগ্নিকাণ্ড সংঘটিত হোৱা বাছ অৱস্থানৰ ওচৰতে গেৰেজ আছে। গেৰেজৰ পৰাও জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। জানিব পৰা মতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু প্ৰশাসনৰ লোকে জুইৰ সূত্ৰপাতৰ কাৰণ জানিবলৈ চেষ্টা চলাই আছে। অগ্নিকাণ্ডৰ ফলত কিমান টকাৰ সম্পত্তিৰ ক্ষতি হৈছে সেয়াও বুজিবলৈ চেষ্টা চলাই আছে প্ৰশাসনৰ লোকে।