মাকুম, ৫ নৱেম্বৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। মছজিদৰ ইমামক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। ফজৰৰ নামাজৰ সময়তে মছজিদৰ ইমামজনক ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই (Makum Imam Murder)। এজন লোকে হত্যাকাৰীজনক আটক কৰিবলৈ চেষ্টা চলাই বিফল। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। কোনে আৰু কিয় এইদৰে নৃশংসভাৱে হত্যা কৰিলে ইমামজনক?

দেওবাৰে পুৱাৰ ভাগতে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। মছজিদত এজন ইমামক দুৰ্বৃত্তই পুৱাৰ ভাগতে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফজৰৰ নামাজৰ সময়তে ইমামজনক কোনে আৰু কিয় এইদৰে নৃশংসভাৱে হত্যা কৰিলে, এতিয়াও পোহৰলৈ অহা নাই। এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাকুমত।

দেওবাৰে পুৱা ফজৰৰ নামাজৰ সময়তে মাকুম কলাবাৰীস্থিত মছজিদৰ ইমামজনক কোনো দুৰ্বৃত্তই নৃশংসভাৱে ডিঙি কাটি হত্যা কৰে। ইমামজনে ফজৰৰ নামাজৰ আজান দিয়াৰ পিছতে কোনো দুৰ্বৃত্তই ইমামজনক মাটিত বগৰাই দাৰে ডিঙি ৰেপি হত্যা কৰে। নৃশংস হত্যাৰ বলি হোৱা ইমামজন ৫৫ বছৰীয়া তেজীব্বুৰ ইছলাম বুলি জানিব পৰা গৈছে। বিহাৰৰ বাসিন্দা তেজীব্বুৰ ইছলাম দীর্ঘদিন ধৰি মাকুম কলাবাৰীস্থিত মছজিদত ইমামতী কৰি আছিল।

ইমামজনক দুৰ্বৃত্তই হত্যা কৰি থকা সময়ত এজন লোকে প্ৰত্যক্ষ কৰিছিল। ফজৰৰ আজানৰ পিছত এজন লোক মছজিদত নামাজ পঢ়িব লৈ আহি ইমাম তেজীব্বুৰ ইছলামক কোনো দুৰ্বৃত্তই মাটিত বগৰাই দাৰে ডিঙি ৰেপি থকা প্ৰত্যক্ষ কৰে। লোকজনে হত্যাকাৰীজনক পিছফালৰ পৰা ধৰিবলৈ চেষ্টা কৰে যদিও হত্যাকাৰীজন পলায়ন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে লোকজনে চিঞৰ বাখৰ কৰাত স্থানীয় লোক সকলক একত্ৰিত হয়।

স্থানীয় লোকে মাজেদিত ইমাম তেজীব্বুৰ ইছলামৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। হত্যাকাণ্ডৰ খবৰ পাই আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ ইমামজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এতিয়া প্ৰশ্ন হয় কোনে আৰু কিয় ইমামজনক এইদৰে নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিলে ?