গুৱাহাটী, ১০ নৱেম্বৰ, ২০২৩ : সুস্মিতা তালুকদাৰৰ সহায়ৰ বাবে আগুৱাই আহিল অসম জাতীয় পৰিষদ। সুস্মিতা তালুকদাৰলৈ (Sushmita Talukdar) এইবাৰ সহায়ৰ হাত অসম জাতীয় পৰিষদৰ। সুস্মিতা তালুকদাৰক চিকিৎসাৰ বাবে অসম জাতীয় পৰিষদে আৰ্থিক সাহাৰ্য্য আগবঢ়ালে। দুৰাৰোগ্য কৰ্কটত আক্রান্ত সুস্মিতা তালুকদাৰ। আজমল ফউণ্ডেশ্যনৰ ফালৰ পৰাও সুস্মিতা তালুকদাৰক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হৈছে।
দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত এগৰাকী শিল্পী। কৰ্কট ৰোগৰ চিকিৎসা কৰি ইতিমধ্যে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে শিল্পী গৰাকী। জীয়াই থকাৰ হেঁপালৈ শিল্পী গৰাকী অসমবাসী ৰাইজৰ সহায় বিচাৰি আহ্বান জনাইছে। শিল্পী গৰাকীৰ আহ্বানক সঁহাৰি জনাই সমগ্ৰ অসমবাসী ৰাইজ সহায়ৰ হাত আগবঢ়াইছে। এইবাৰ শিল্পী গৰাকীৰ আহ্বানত সহায়ৰ বাবে আগুৱাই আহিছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। শিল্পী গৰাকীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিলে আঞ্চলিক ৰাজনৈতিক দলটোৱে।
যাদুৰাণী হিচাপ পৰিচিত অসমৰ যাদু শিল্পী সুস্মিতা তালুকদাৰ আক্রান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। ইতিমধ্যে কৰ্কট ৰোগৰ চিকিৎসা চলি থকা সুস্মিতা তালুকদাৰ এইবাৰ এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে। সুস্মিতা তালুকদাৰ কৰ্কট ৰোগৰ চিকিৎসা কৰি জুৰুলা হৈ পৰা সুস্মিতা তালুকদাৰৰ পৰিয়ালৰ বাবে সম্ভন নহয় এই ব্যয়বহুল অস্ত্ৰোপচাৰ কৰাটো। এই অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন ৩৫ লক্ষাধিক টকাৰ।
জীয়াই থকাৰ হেঁপালৈ সাহসী সুস্মিতা তালুকদাৰে এই ব্যয়বহুল অস্ত্ৰোপচাৰৰ বাবে কিছুদিন পূৰ্বে সামাজিক মাধ্যমযোগে অসমবাসী ৰাইজৰ সহায় বিচাৰিছিল। সুস্মিতা তালুকদাৰক সহায় কৰিবলৈ ইতিমধ্যে বহু লোক আগুৱাই আহিছে। এইবাৰ সুস্মিতা তালুকদাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সহায়ৰ বাবে আগুৱাই আহিছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। যাদুৰাণী সুস্মিত তালুকদাৰৰ ব্যয়বহুল অস্ত্ৰোপচাৰৰ বাবে অসম জাতীয় পৰিষদে ডেৰ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে।
শুকুৰবাৰে সুস্মিতা তালুকদাৰৰ পাঞ্জাৱৰীস্থিত বাসগৃহত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে দুলু আহমেদ, অমৃত খাটনীয়াৰ, জীয়াউৰ ৰহমান আৰু ইফটিকাৰ হুছেইন উপস্থিত হৈছে সুস্মিতা তালুকদাৰক ডেৰ লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য যে কৰ্কট ৰোগত আক্রান্ত সুস্মিতা তালুকদাৰক প্ৰয়োজন এক ব্যয়বহুল আৰু জটিল ৰবটিক অস্ত্ৰোপচাৰৰ। এই অস্ত্ৰোপচাৰৰ বাবে সুস্মিতা তালুকদাৰলৈ সহায়ৰ হাত আগবঢ়াইছে বদৰুদ্দিন আজমলৰ ‘আজমল ফউণ্ডেশ্যনে’।