গুৱাহাটী, ১১ নৱেম্বৰ, ২০২৩ : গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে ‘সহাৱস্থান’ শীৰ্ষক বিষয়বস্তুৰে সফল আয়োজন কৰে দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাখনৰ (Drama Competition)। মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ অপৰিসীম প্ৰতিভা আৰু সৃষ্টিশীলতাৰ উন্মেষ ঘটাই ১১ নৱেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত অনুষ্ঠিত হোৱা এই নাট প্ৰতিযোগিতাখনে মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় উপস্থিত নাট্যপ্ৰেমী দৰ্শকক।

এই নাট প্ৰতিযোগিতাখনত শ্বেমফোৰ্ড ফিউচাৰিষ্টিক স্কুল, গ্ৰীণ ভেলী পাব্লিক স্কুল, মাৰিয়া পাব্লিক স্কুল, আৰ্মি পাব্লিক স্কুল, অসম জাতীয় স্কুল, পূব গুৱাহাটী হাইস্কুল, নতুন ফটাশিল টাউন হাইস্কুল, মডাৰ্ণ ইংলিছ স্কুল আৰু কাজিৰঙা ইংলিছ একাডেমীকে ধৰি গুৱাহাটীৰ ৯ খন বিদ্যালয়ে অংশগ্ৰহণ কৰি দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰে। এই নাট প্ৰতিযোগিতাখনৰ অনুষ্ঠানত অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান জগতৰ কেইবাগৰাকী সু-পৰিচিত ব্যক্তিকো সম্বৰ্ধ্বনা জনোৱা হয়।

অনুষ্ঠানত অভিনেত্ৰী চেতনা দাস (বিশিষ্ট অতিথি), অভিনেত্ৰী ভ্ৰান্তি মেধি (মুখ্য অতিথি), জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তথা কণ্ঠশিল্পী বিদ্যাসাগৰ (অতিথি)ৰ লগতে বিচাৰকৰূপে উপস্থিত থাকি অভিনেতা বিজিত দেৱচৌধুৰী, অভিনেতা কিশোৰ ৰাজবংশী আৰু অভিনেত্ৰী প্ৰণামী বৰাই যুৱ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰাৰ লগতে অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। প্ৰতিযোগিতাখনৰ উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলক নাট্যকলাৰ জৰিয়তে নিজকে প্ৰকাশ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰা, সৃষ্টিশীলতা, দলবদ্ধ কাম আৰু আত্মপ্ৰকাশৰ বাবে অনুপ্ৰাণিত কৰা।

ভিন্ন বয়সৰ।অংশগ্ৰহণকাৰীসকলে নিজ নিজ সৃষ্টিশীলতাৰে বাৰেৰহণীয়া কাহিনী আৰু বিষয়বস্তুৰ উপস্থাপনৰ জৰিয়তে তেওঁলোকৰ নাট্য দক্ষতা আৰু নাট্যকলাৰ প্ৰতি থকা আগ্ৰহ প্ৰদৰ্শন কৰে।বিচাৰকৰ পেনেলৰ দ্বাৰা সুক্ষ্ম মূল্যায়নৰ পিছত প্ৰতিযোগিতাৰ ফলাফল নিৰ্ধাৰণ কৰা হয়। নাট প্ৰতিযোগিতাখনত অৰণ্যত ৰাজসভা নাটৰ বাবে শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অর্জন কৰে মডাৰ্ণ ইংলিছ স্কুলৰ দলে। আনহাতে প্ৰথম ৰানাৰ্ছ আপ দলৰ খিতাপ অর্জন কৰে আজি মোৰ জন্মদিন নাটৰ বাবে অসম জাতীয় বিদ্যালয়ৰ দলে আৰু আখিৰ কাৰ বাবলু পাছ হো গয়া নাটৰ বাবে দ্বিতীয় ৰানাৰ্ছ আপ দলৰ খিতাপ অর্জন কৰে আৰ্মি পাব্লিক স্কুলৰ দলে।

শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অর্জন কৰে অসম জাতীয় বিদ্যালয়ৰ গুঞ্জনগীত পৰাশৰ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে মাৰিয়াছ পাব্লিক স্কুলৰ অনুক্ষা শইকীয়া। কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে প্ৰতিযোগিতাত প্ৰদৰ্শিত উচ্চ স্তৰৰ প্ৰতিভাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয়, “দশম আন্তঃবিদ্যালয় নাটক প্ৰতিযোগিতাখনে এক সুন্দৰ সফলতা লাভ কৰিছে আৰু ইয়েই আমাৰ যুৱ অভিনেতাসকলৰ নিষ্ঠা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰিছে। নাট্য কলাৰ প্ৰতি এনে উৎসাহ দেখি মই আনন্দিত হৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰী বিদ্যালয়ক তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰিছোঁ।”

মঞ্চখন সঁচাই এক শক্তিশালী মাধ্যম আৰু এই শিক্ষাৰ্থীসকলে প্ৰমাণ কৰিছে যে তেওঁলোক সঁচাকৈয়ে অভিনয় জগতৰ ভৱিষ্যত বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰাই পৰিবেশ্য কলাৰ প্ৰচাৰ তথা শিক্ষাৰ্থীসকলক অনাগত বছৰবোৰত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ এই মহৎ পৰম্পৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে।