জাগীৰোড, ১৯ জানুৱাৰী, ২০২৪ : মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ঐতিহাসিক জোনবিল মেলা (Joonbeel Mela)। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলাৰ সমাপ্তি ঘটিব শনিবাৰে। বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ জোনবিলৰ পাৰত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল।

মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৱৰ্তী জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলাৰ। প্ৰতিবছৰে মাঘ বিহুৰ পিছৰ প্ৰথমটো সপ্তাহত উদযাপন কৰা এই ঐতিহাসিক মেলত এইবেলিও পৰিলক্ষিত হ’ল এক উখল মাখল পৰিৱেশ। তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই মেলাত প্ৰথমদিনা হাজাৰ হাজাৰ লোক আহি ভিৰ কৰে। পাহাৰ-ভৈয়ামৰ বিভিন্ন ধৰ্ম, ভাষা, জাতি- জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেঁতু হিচাপে চিহ্নিত জোনবিল মেলাত শুকুৰবাৰে দ্বিতীয় দিনা বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিলে পাহাৰীয়া মামা-মামী সকলৰ লগত ভৈয়ামৰ লোক সকলে।

দ্বিতীয় দিনা পুৱাৰ ভাগত পাহাৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোক সকলে উৎপাদন কৰা পাহাৰীয়া জলকীয়া, আলু, কচু, আদা, হালধী, ধূনা, গন্ধক, লাও, আমলখি, শিলিখা, লা, গাজ, কপাহ, টেঙা আদিৰ লগত ভৈয়ামৰ লোক সকলে বিনিময় কৰিলে সান্দহ, তিলৰ পিঠা, শুকান মাছৰ লগতে বিভিন্ন সামগ্ৰী। ঐতিহাসিক জোনবিল মেলাৰ বিনিময় প্ৰথাৰ পিছতে অনুষ্ঠিত হয় পৰম্পৰাগত সমূহীয়া মৎস্য চিকাৰ৷ হাতে হাতে জাল জুলুকি পল’ হকা আদি মাছ মৰা সঁজুলি লৈ বিলত নামি পৰে শ শ লোক৷

জোনবিলৰ মাছেৰে এখাজ খোৱাৰ আশা বুকুত বান্ধি নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং আদি জিলাৰ পৰা অহা লোক সকল মৎস্য চিকাৰ কৰিবলৈ নামি পৰে বিলত৷ কাৰোবাৰ মুখত দেখিবলৈ পোৱা যায় প্ৰাপ্তিৰ হাঁহি, আন কাৰোবাৰ মুখত প্ৰাপ্তিৰ আশা৷ মুঠতে সকলো ব্যস্ত হৈ পৰে মাছ ধৰাত৷ মৎস্য চিকাৰৰ পিছতে অনুষ্ঠিত হয় গোভা দেওৰজাৰ ৰাজদৰবাৰ। এই ৰাজদৰবাৰতে ১৯ গৰাকী তিৱা ৰজাক অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয় ১ লাখ ২৫ হাজাৰ টকাৰ ৰাজভাট্টা।

ৰাজভাট্টা প্ৰদান কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ৰাজদৰবাৰত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ৷ চৰকাৰে দিয়া এই ৰাজভাট্টাৰ বাবে মধ্য অসমৰ ৰজা সকলে অসম চৰকাৰক ধন্যবাদ জনায়৷ মৰিগাঁও জিলাৰ জাগীৰোডত এই মেলা অনুষ্ঠিত হোৱাৰ সঠিক তথ্য নাই যদিও গোভা ৰজা প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা এই ঐতিহাসিক মেলা অনুষ্ঠিত হৈ আহিছে।

প্ৰতিবছৰে হাজাৰ হাজাৰ দেশী পৰ্যটকৰ লগতে বিদেশী পৰ্যটক আহি এই মেলাখনত ভিৰ কৰা পৰিলক্ষিত হয়। জাগীৰোডৰ জোনবিল মেলাখনে পৰ্যটকৰ মাজত বিশেষ গুৰুত্ব লাভ কৰে মেলাখনত আজিও বৰ্তি থকা বিনিময় প্ৰথাৰ বাবে। বিনিময় প্ৰথাৰ লগতে পৰম্পৰাগত খেল-ধেমালিৰ বাবেও বিখ্যাত জোনবিল মেলা। বিশেষকৈ জোনবিল মেলাৰ বাকৰিত অনুষ্ঠিত হোৱা কুকুৰা যুঁজ সকলোকে আকৰ্ষিত কৰে।