নিউজ ডেস্ক, ২০ জুন, ২০২৪ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) জামিন লাভ। দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ডাঙৰ সকাহ পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। বৃহস্পতিবাৰে ৰাউছ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন গ্ৰহণ কৰে। ১ লাখ টকাৰ বণ্ডত জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

জামিন লাভ কৰি শুকুৰবাৰে তিহাৰ জেলৰ পৰা ওলাই আহিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী। এই গোচৰত দ্বিতীয় বাৰৰ বাবে জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ সময়ত জামিন লাভ কৰি জেলৰ পৰা ওলাই আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।সুৰা কেলেংকাৰিৰ ধন সৰবৰাহৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ই ডিয়ে। এই গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক অভিযুক্ত কৰিছিল সংস্থাটোৱে। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ জামিন আবেদন সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল।

দিল্লীৰ মুখ্যমন্ত্রী গৰাকীৰ অধিবক্তাই আদালতত কয় যে অৰবিন্দ কেজৰিৱালক দোষী সাব্যস্ত কৰিবলৈ তদন্তকাৰী সংস্থাটোৰ হাতত কোনো প্রমাণ নাই৷ আদালতে দুয়োপক্ষৰ যুক্তি শুনানি কৰি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ জামিন মঞ্জুৰ কৰে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে মে’ মাহত লোকসভা নিৰ্বাচনৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল। জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত ২ জুনত পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তিহাৰ কাৰাগাৰ প্ৰশাসনৰ আগত আত্মসমৰ্পণ কৰিছিল। জামিন লাভ কৰাৰ পিছত শুকুৰবাৰে পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী কাৰাগাৰৰ পৰা ওলাই আহিব পৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰাৰ পিছতে আপৰ নেতা-কৰ্মীৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা যায়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপ কৰ্মীয়ে ফটকা ফাটিছে আনন্দ কৰা দেখিবলৈ পোৱা যায়। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইটাৰযোগে এক পোষ্ট কৰি কয় যে আদালতৰ ওপৰত তেওঁৰ বিশ্বাস আছে। অৰবিন্দ কেজৰিৱালে জামিন পালে আৰু সত্য জিকিলে। আপৰ সাংসদ সঞ্জয় সিঙে কয় যে এনে সময়ত অৰবিন্দ কেজৰিৱালৰ জেলৰ পৰা ওলাই অহাটোৱে গণতন্ত্ৰক শক্তিশালী কৰিবলৈ গৈ আছে। দিল্লীবাসীৰ বাবে এয়া ভাল খবৰ। এতিয়ালৈকে ই ডিৰ বক্তব্য মিছাৰ আধাৰত আছিল। এইয়া অৰবিন্দ কেজৰিৱালক জড়িত কৰিবলৈ সৃষ্টি কৰা এক ভিত্তিহীন ভুৱা গোচৰ।