নিউজ ডেস্ক, ৯ আগষ্ট, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নিজৰ দ্বিতীয়খন গ্ৰুপ মেচতো জয়লাভ কৰিছে৷ ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ মেচত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৪-০ গলত পৰাস্ত কৰে সীমান্ত সুৰক্ষা বাহিনীৰ ফুটবল দলক৷ খেলৰ আঠ মিনিটত গুইলেৰ্মোই প্ৰথমটো গল কৰি নৰ্থ ইষ্টক অগ্ৰগতি দিয়াৰ পাছত ২০ মিনিটত যিতীনে দলৰ হৈ দ্বিতীয়টো গল কৰে৷ বিৰতিলৈ ২-০ ত আগবাঢ়ি থকা নৰ্থ ইষ্ট দলৰ হৈ ৪৮ মিনিটত গুইলেৰ্মোই তৃতীয়টো গল কৰে৷ আনহাতে, ইঞ্জুৰী টাইমত পেনাল্টি গল কৰে এলাডিনে৷ এই পৰাজয়ে বি এছ এফৰ বিদায় নিশ্চিত কৰিলে৷

উল্লেখ্য যে উভয় দলৰ বাবে এয়া গ্ৰুপৰ দ্বিতীয় মেচ আছিল৷ ইয়াৰপূৰ্বে প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেডে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়লাভ কৰিছিল৷ আনহাতে, আই এছ এলৰ দল ওড়িছা এফ চিৰ বিৰুদ্ধে খেলা প্ৰথম মেচত বি এছ এফ ফুটবল দল ৫-০ গলত পৰাস্ত হৈছিল৷ ইফালে, আজি অনুষ্ঠিত দিনটোৰ প্ৰথম মেচত উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাঁশী এফ চিয়ে ভাৰতীয় নৌ সেনা ফুটবল দলক ২-১ গলত পৰাস্ত কৰে৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা ‘বি’ গ্ৰুপৰ এই খেলখনত জয়ৰে ইণ্টাৰ কাঁশীয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে৷ এয়া আছিল দলৰ অন্তিম গ্ৰুপ মেচ৷

প্ৰতিযোগিতাৰ কাইলৈ দুখন খেল অনুষ্ঠিত হ’ব৷ দিনৰ চাৰি বজাত শ্বিলংত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ মেচত দুই স্থানীয় ক্লাব শ্বিলং লাজং এফ চি আৰু ৰংদাজিদ ইউনাইটেড এফ চি মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা গ্ৰুপ ‘চি’ৰ মেচত আই এছ এল দল কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে চি আই এছ এফৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷

প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷