নিউজ ডেস্ক, ১৭ আগষ্ট, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই সুৰক্ষা (Railway Safety) আৰু যাত্ৰীৰ সা-সুবিধা উভয়ৰে উন্নত কৰাৰ বাবে ইয়াৰ পৰিচালনত কৃত্ৰিম বুদ্ধিমত্তা আৰু আই.ও.টি. আধাৰিত সা-সৰঞ্জামৰ দৰে আধুনিক প্ৰযুক্তিক সংযোজিত কৰাৰ বাবে অবিৰতভাৱে একনিষ্ঠ প্ৰয়াস চলাই আছে। এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ১৬ আগষ্ট, ২০২৪ তাৰিখে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক, চেতন কুমাৰ শ্ৰীবাস্তৱে কামাখ্যা ৰে’ল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছ ৰে’লখনত এক আধুনিক জল স্তৰ নিৰীক্ষণ প্ৰণালীৰ শুভাৰম্ভ কৰে।

এই অভিনৱ প্ৰণালীয়ে যাত্ৰীসকলৰ বাবে নিৰন্তৰ আৰু নিৰ্ভৰযোগ্য পানীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহত পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। ৱাটাৰ লেভেল ইণ্ডিকেটৰ হৈছে এক ৰিয়েল-টাইম নিৰীক্ষণ পদ্ধতি, যি পাইলট প্ৰকল্প হিচাপে ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছৰ এখন ৰেকত স্থাপন কৰা হৈছে। এই আধুনিক পদ্ধতিটোৱে ৰে’লখনৰ পানীৰ টেংকসমূহত জল স্তৰৰ অবিৰত আৰু সঠিক নিৰীক্ষণ প্ৰদান কৰে। ই লোৰা আৰু জিপিআৰএছ-আধাৰিত যোগাযোগ ব্যৱহাৰ কৰি ডাটাৰ দীঘলীয়া পৰিসৰৰ, নিম্ন-শক্তিৰ ৱায়াৰলেচ ট্ৰেন্সমিচনক সক্ষম কৰি তোলে, যাৰ ফলত ইয়াক দূৰৱৰ্তী স্থানৰ বাবে বিশেষভাৱে উপযুক্ত কৰি তুলিব পৰা যায়।

এই পদ্ধতিটোত প্ৰোগ্ৰাম সক্ষম ৰিয়েল-টাইম ডাটা লগিং আৰু ষ্টোৰেজ আছে, হাইড্ৰষ্টেটিক প্ৰেচাৰ চেন্সৰৰ জৰিয়তে সংগ্ৰহ আৰু প্ৰেৰণ কৰা ডাটা ৰখা হৈছে যি ১ এম.ৰ পৰা ৫ এম. পৰিসৰত ০.৫ শতাংশ শুদ্ধতাৰ সৈতে জল স্তৰ জোখে, আনকি ০° চে.-ৰ পৰা ৭০° চে. উষ্ণতাতো। পদ্ধতিটোত ৰিয়েল টাইম ষ্টাম্পৰ সৈতে ডাটা লগিং সুসংগত কৰাৰ বাবে এক বিল্ট-ইন ৰিয়েল-টাইম ক্লকো অন্তৰ্ভুক্ত থাকে, যাৰ দ্বাৰা সঠিক ডাটা বিশ্লেষণত সহায় কৰাৰ লগতে সু-কৌশলভাৱে পানীৰ ব্যৱস্থাপনাও নিশ্চিত কৰে। এই পদক্ষেপে যাত্ৰীসকলৰ বাবে ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

চব্বিশ ঘণ্টা পানীৰ উপলব্ধতা নিশ্চিত কৰি, দীৰ্ঘ দূৰত্বৰ যাত্ৰাপথত সেৱাৰ উচ্চ মানদণ্ড বজাই ৰখাৰ বাবে ৱাটাৰ লেভেল ইণ্ডিকেটৰ হব এক অত্যাৱশ্যকীয় সৰঞ্জাম। ভাৰতীয় ৰে’লৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহত এনে ধৰণৰ অভিনৱ ৰূপায়ণৰ গুৰুত্বৰ ওপৰত জোৰ দি উল্লেখ কৰে যে এনে পাইলট প্ৰকল্পৰ সফল ৰূপায়ণৰ ফলত অন্যান্য ৰে’লসমূহতো ইয়াৰ ব্যাপক প্ৰয়োগ হ’ব পাৰে, যাৰ ফলত ৰে’ল যাত্ৰাৰ সময়ত পানী ব্যৱস্থাপনা প্ৰণালীৰ দক্ষতা যথেষ্ট বৃদ্ধি পাব। ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছত ভ্ৰমণ কৰা যাত্ৰীসকলে তেওঁলোকৰ সমগ্ৰ ভ্ৰমণকালত নিৰ্ভৰযোগ্য পানী যোগানৰ নিশ্চয়তাৰ সৈতে এতিয়াৰে পৰা অধিক আৰামদায়ক যাত্ৰা উপভোগ কৰিব পাৰিব।