গুৱাহাটী, ৯ ছেপ্টেম্বৰ, ২০২৪ : অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলে চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত (Badminton Championship) টীম ইভেণ্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, জুনিয়ৰ ল’ৰাৰ দলীয় শাখাৰ ফাইনেলত অসম পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰিছে৷ মিজোৰামে ২-০ ৰ ব্যৱধানত অসমক পৰাস্ত কৰি খিতাপ জয় কৰে৷ ইফালে, পুৰুষৰ একক শাখাৰ ফাইনেলত অৰুণাচলে ৩-২ ৰ ব্যৱধানত মিজোৰামক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে সোণ অৰ্জনৰে ইতিহাস গঢ়ে৷

অসমৰ পুৰুষ দলে ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ যোৱানিশা অনুষ্ঠিত হোৱা ফাইনেলত অসমৰ মহিলা দলে ৩-১ ৰ ব্যৱধানত পৰাস্ত কৰে মণিপুৰক৷ একক শাখাৰ প্ৰথম মেচত ঈশাৰাণী বৰুৱাই ২১-১২, ২১-১০ ৰ ব্যৱধানত জয়লাভ কৰে যদিও দ্বিতীয় মেচত অসমৰ ময়ুৰী বৰ্মন ১৫-২১, ১৮-২১ ত পৰাস্ত হয়৷ কিন্তু ঈশাৰাণী আৰু মনালী বৰাই ডাবলছ মেচখনত ২১-১৩, ২১-১৬ ৰ ব্যৱধানত জয়লাভ কৰি অসমক ২-১ ৰ অগ্ৰগতি দিয়াৰ পাছত তৃতীয়খন একক শাখাৰ মেচত শান্তীপ্ৰিয়া হাজৰিকাই ২১-১১, ২১-১৫ ৰ ব্যৱধানত জয় অৰ্জন কৰি অসমৰ স্বৰ্ণ পদক নিশ্চিত কৰে৷

ইফালে, বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ জুনিয়ৰ ছোৱালীৰ দলীয় শাখাৰ ফাইনেলত অসমে ২-০ ৰ ব্যৱধানত পৰাস্ত কৰে মিজোৰামক৷ একক শাখাৰ প্ৰথম মেচত অসমৰ শান্তীপ্ৰিয়াই ২১-১০, ২১-১৮ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত ডাবলছ শাখাৰ মেচত শান্তীপ্ৰিয়া আৰু ভাৱিষ্যা চাংমায়ে ২১-১০, ২১-১৩ ৰ ব্যৱধানত জয়লাভ কৰি স্বৰ্ণ পদক নিশ্চিত কৰে৷ উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ শ্বাটলাৰে অংশ লোৱা প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ খেলৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে পুৰুষ-মহিলা আৰু জুনিয়ৰ ল’ৰা-ছোৱালীৰ একক শাখাৰ মেচ৷ ইফালে, কাইলৈৰ পৰা আৰম্ভ হ’ব পুৰুষ-মহিলা আৰু জুনিয়ৰ ল’ৰা-ছোৱালীৰ ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল৷