নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) আজি খেলা নিজৰ দ্বিতীয়খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা মেচখনত গুৱাহাটীৰ দলটোক ২-৩ গলত পৰাস্ত কৰে ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্ট দলে৷ উল্লেখ্য যে দুবাৰকৈ অগ্ৰগতি লৈয়ো তিনি পইণ্টৰ পৰা বঞ্চিত হ’ল নৰ্থ ইষ্ট ইউনাইটেড৷

খেলৰ চাৰি মিনিটতে গল কৰি নৰ্থ ইষ্ট ইউনাইটেডে নিজৰ শক্তিশালী আৰম্ভনি কৰিছিল৷ দলক অগ্ৰগতি দিয়ে মহম্মদ বেমামাৰে৷ কিন্তু দহ মিনিটত দিপেন্দু বিশ্বাসৰ গলেৰে সমতা স্থাপন কৰে মোহন বাগানে৷ ২৪ মিনিটত যুৱ তাৰকা আলাডিনৰ গলেৰে মেচত পুনৰ অগ্ৰগতি লয় নৰ্থ ইষ্ট ইউনাইটেডে৷ প্ৰথমাৰ্ধৰ সমাপ্তিত ২-১ ত আগবাঢ়ি থাকে বেনালীৰ দল৷ স্বাভাৱিকতে এয়া আছিল ঘৰুৱা সমৰ্থকৰ বাবে চিন্তা আৰু দুখৰ বিষয়৷

কিন্তু দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত শুভাশিষৰ (৬১ মিনিট) গলেৰে প্ৰত্যাৱৰ্তন কৰে মোহন বাগানে৷ এই গলে খেলপথাৰ আৰু গেলেৰীটো উৎসাহ লৈ আনে ঘৰুৱা দলৰ বাবে৷ ৮৭ মিনিটত অভিজ্ঞ কামিনছে গল কৰি মোহন বাগানৰ ৩-২ ৰ বিজয় নিশ্চিত কৰি দিয়ে৷ উল্লেখযোগ্য যে যোৱা মাহত এই ষ্টেডিয়ামতে হোৱা ডুৰাণ্ড কাপৰ ফাইনেলত মোহন বাগানক পৰাস্ত কৰি নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমটো খিতাপ জয়ৰ চিৰস্মৰণীয় গৌৰৱ অৰ্জন কৰিছিল৷ আনহাতে, চলিত আই এছ এলতো দলে প্ৰথম মেচতে মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে চমকপ্ৰদ জয়ৰে প্ৰত্যাশিত আৰম্ভনি কৰিছিল৷

আজি দলৰ বিজয় যাত্ৰাৰ অন্ত পৰিল৷ স্মৰ্তব্য যে ডুৰাণ্ড কাপৰ পৰাই দলে অপৰাজেয় যাত্ৰা অব্যাহত ৰাখিছিল৷ ইফালে, ডুৰাণ্ড কাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত মোহন বাগানে আই এছ এলৰ উদ্বোধনী মেচত অংশ লৈছিল আৰু মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে ড্ৰ খেলে৷ কিন্তু উভয় মেচতে দল দুগলত আগবাঢ়িও জয়ৰ পৰা বঞ্চিত হৈছিল৷ আজি প্ৰথম জয়ৰ লগতে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে প্ৰতিশোধো ল’লে৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন গুৱাহাটীত খেলিব৷ অহা ২৯ ছেপ্টেম্বৰত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত ঘৰুৱা দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব৷ উল্লেখ্য যে এয়া হ’ব নৰ্থ ইষ্ট ইউনাইটেডৰ চলিত আই এছ এলৰ প্ৰথমখন ঘৰুৱা মেচ৷ ইফালে, প্ৰথম দুখন মেচ কলকাতাত খেলাৰ পাছত মোহন বাগান ছুপাৰ জাইণ্ট দলে পৰৱৰ্তী মেচখন বাহিৰত খেলিব৷ অহা ২৮ ছেপ্টেম্বৰত বাংগালুৰুৰ শ্ৰীকান্তিৰাৱা ষ্টেডিয়ামত হ’বলগা মেচত মোহন বাগানৰ প্ৰতিদ্বন্দ্বী বাংগালুৰু এফ চি৷ খেলখন নিশা জ্জ.৩০ বজাত অনুষ্ঠিত হ’ব৷