গুৱাহাটী, ১১ অক্টোবৰ, ২০২৪ : হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে (Assam) পুনৰ দুটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে অসমৰ বেদব্ৰত ভড়ালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্ৰামৰ জুনিয়ৰ আৰু যুৱ শাখাত সোণ অৰ্জন কৰিছে৷ এ এছ জে এৰ বৰ্ষশ্ৰেষ্ঠ জুনিয়ৰ খেলুৱৈৰ সন্মান লাভ কৰা আন্তৰ্জাতিক ভাৰোত্তোলক বেদব্ৰতে ছিনিয়ৰ শাখাত অংশ লৈ ৰূপৰ পদকো লাভ কৰে৷

উল্লেখ্য যে চলিত বৰ্ষতে পেৰুত অনুষ্ঠিত হোৱা বিশ্ব যুৱ ভাৰোত্তোলনত দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম ভাৰতীয় পুৰুষ ভাৰোত্তোলকৰূপে স্বৰ্ণ পদক জয়ৰে ইতিহাস গঢ়া অসম সন্তান বেদব্ৰতে ভড়ালীয়ে বৃহস্পতিবাৰে মুঠ ২৯৩ কিলোগ্ৰাম ওজন সফলতাৰে উত্তোলন কৰি জুনিয়ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিপৰীতে ছিনিয়ৰত দ্বিতীয় হয়৷ বেদব্ৰতে ভড়ালীয়ে স্নেচত ১৩২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৬১ কেজি উত্তোলন কৰে৷ অৱশ্যে পেৰুত বেদব্ৰতে ভড়ালীয়ে স্নেচত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ১৩৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৬০ কেজিসহ মুঠ ২৯৬ কিলোগ্ৰাম ওজন উত্তোলন কৰিছিল৷

স্মৰ্তব্য যে যোৱা বছৰ বিশ্ব যুৱ ভাৰোত্তোলনত ব্ৰঞ্জ অৰ্জনৰে প্ৰথম অসমীয়া হিচাপে আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাত পদক জয় কৰি ইতিহাস গঢ়া বেদব্ৰতে ভড়ালীয়ে ২০২৩ ৰ প্ৰতিখন আন্তৰ্জাতিক চেম্পিয়নশ্বিপতে দেশক পদক দিবলৈ সক্ষম হৈছিল৷ আলবেনিয়াত হোৱা বিশ্ব যুৱ ভাৰোত্তোলনত বেদব্ৰতে ভড়ালীয়ে ভাৰতীয় দলৰ হৈ ৬৭ কেজি শাখাত অংশ লৈছিল৷ চেম্পিয়নশ্বিপখনত বেদব্ৰতে ভড়ালীয়ে স্নেচত ১১৯ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷

তাৰপাছতে এছিয়ান জুনিয়ৰ আৰু যুৱ ভাৰোত্তোলনত বেদব্ৰতে ভড়ালীয়ে দুটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিছিল৷ ৬৭ কিলোগ্ৰাম যুৱ শাখাত দেশৰ হৈ খেলা অসম সন্তান বেদব্ৰতে ভড়ালীয়ে স্নেচত ১২৪ কেজি উত্তোলন কৰি সোণ অৰ্জন কৰাৰ পাছত ক্লিন এণ্ড জাৰ্কত ১৪৯ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি ৰূপ লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে, সামগ্ৰিকভাবে মুঠ ২৭৩ কিলোগ্ৰাম উত্তোলন কৰাৰ ফলশ্ৰুতিত বেদব্ৰতে ভড়ালীয়ে দ্বিতীয়টো সোণসহ তৃতীয়টো পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

আনহাতে, এমাহ বিৰতিৰ পাছত হোৱা কমনৱেলথ চেম্পিয়নশ্বিপতো যুৱ শাখাৰ ৬৭ কিলোগ্ৰামত দেশক প্ৰতিনিধিত্ব কৰি সকলোকে চমক দি বেদব্ৰতে ভড়ালীয়ে সোণ লাভ কৰিছিল৷ উক্ত প্ৰতিযোগিতাত বেদব্ৰতে ভড়ালীয়ে স্নেচত ১২১ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি স্বৰ্ণ পদকৰ অধিকাৰী হয়৷ এইবছৰ কিন্তু বেদব্ৰতে ভড়ালীয়ে ওজন শাখা সলনি কৰিছে৷ কিন্তু স্বৰ্ণ জয়ৰ সফলতা অপৰিবৰ্তীত হৈ আছে৷ ইফালে বৃহস্পতিবাৰে অসমৰ হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্ৰামৰ যুৱ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰাজ্যক তৃতীয়টো সোণ দিয়ে৷

হিমন্ত দৈমাৰীয়ে স্নেচত ১১৪ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৩৬ কেজিসহ মুঠ ২৫০ কিলোগ্ৰাম ওজন উত্তোলন কৰে৷ অহা ১৩ অক্টোবৰত সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত এতিয়ালৈ অসমে তিনিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ সাতটা পদক লাভ কৰিছে৷ বুধবাৰে অসমৰ প্ৰতিভাবান আন্তৰ্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে অভিনৱ গগৈয়ে ৰূপ তথা মহিলা শাখাত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ইছাংফা গগৈয়ে৷