নিউজ ডেস্ক, ১৫ অক্টোবৰ, ২০২৪ : এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে, ভাৰতীয় ৰে’লৱেই ইয়াৰ নেটৱৰ্কত ১০,০০০ টা ৰে’ল (Rail) ইঞ্জিনত স্বদেশী স্বয়ংক্ৰিয় ট্ৰেইন সুৰক্ষা প্ৰণালী কৱচ ৪.০ স্থাপন কৰিবলৈ সাজু হৈছে। শেহতীয়াকৈ, সফল পৰীক্ষণৰ পিছত, পশ্চিম মধ্য ৰে’লৱেৰ কোটা আৰু ছৱাই মাধোপুৰৰ মাজৰ ১০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ খণ্ডটোত কৱচ ৪.০ ৰূপায়ণ কৰা হয়। এই সফলতাৰ পিছত, ভাৰতীয় ৰে’লৱেই এতিয়া ইয়াৰ নেটৱৰ্কৰ সকলো নতুন প্ৰকল্পত মিছন মোডত কৱচ ৪.০ স্থাপন কৰিব।

কৱচৰ পুৰণি সংস্কৰণ স্থাপন কৰা সকলো ইঞ্জিনক অত্যাধুনিক কৱচ ৪.০ ৰ সৈতে সলনি কৰা হ’ব। মালদা টাউনৰ পৰা ডিব্ৰুগড়লৈ উত্তৰ পূব সীমান্ত ৰে’লৱেত প্ৰায় ১৯৬৬ দৈৰ্ঘ্যৰ ৰুট কিলোমিটাৰ কৱচ ৰূপায়ণৰ বাবে চিনাক্ত কৰা হৈছে। ‘কৱচ’ ৰে’ল পৰিচালনত সুৰক্ষা বৃদ্ধিৰ বাবে ভাৰতীয় উদ্যোগৰ সহযোগত ৰিচাৰ্জ ডিজাইন আৰু ষ্টেণ্ড্যাৰ্ড অৰ্গেনাইজেচনৰ (আৰডিএছঅ’)ৰ দ্বাৰা বিকশিত এক স্বদেশী স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা প্ৰণালী। কৱচৰ উদ্দেশ্য হৈছে ৰেলসমূহক বিপদ (ৰঙা) সংকেত অতিক্ৰম কৰাটো প্ৰতিহত কৰাৰ লগতে সংঘৰ্ষ প্ৰতিহত কৰি সুৰক্ষা প্ৰদান কৰা।

গতিবেগৰ সীমাবদ্ধতা অনুসৰি চালকে ৰে’লখন নিয়ন্ত্ৰণ কৰাত বিফল হ’লে ই স্বয়ংক্ৰিয়ভাৱে ৰে’ল ব্ৰেকিং প্ৰণালীক সক্ৰিয় কৰে। স্বতন্ত্ৰ সুৰক্ষা নিৰূপকৰ দ্বাৰা কৱচক সৰ্বোচ্চ স্তৰৰ ছেফটি ইন্টিগ্ৰিটি লেভেল- এছআইএল ৪ ৰ বাবে প্ৰমাণিত কৰা হৈছে আৰু যি ইয়াৰ নন-এছআইএল বৈশিষ্ট্যৰ জৰিয়তে ষ্টেচনসমূহৰ ৰাণিং লাইন আৰু ব্লক খণ্ডত ৰে’লৰ সংঘৰ্ষৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ সৈতে, অন্যান্য দেশসমূহৰ দ্বাৰা কৱচক গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৫ এপ্ৰিলত ভাৰতীয় মাননীয় উচ্চতম ন্যায়ালয়ে ৰে’লত কৱচ ৰূপায়ণৰ বাবে ভাৰতীয় ৰে’লৰ পদক্ষেপক প্ৰশংসা কৰে। বিগত সময়ছোৱাত, ভাৰতীয় ৰে’লৱেই ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। কৱচ ৪.০ প্ৰাৰম্ভেৰে, ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা আৰু অধিক সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপে ৰে’লৱে নেটৱৰ্ক শক্তিশালী কৰাৰ লগতে দেশৰ ৰে’ল নেটৱৰ্কত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ এক বৃহত্তৰ পৰিকল্পনাৰ অংশ ৰূপে পৰিগণিত হৈছে।