গুৱাহাটী, ২১ নৱেম্বৰ, ২০২৪ : চলিত আই টি এফ (ITF) জুনিয়ৰ (জে-৬০) আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ প্ৰত্যাহ্বান আজি সমাপ্ত হৈছে৷ গুৱাহাটীত চলি থকা বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত ছোৱালীৰ ডাবলছ শাখাৰ খেলত অসমৰ যুটি শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলা ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হয়৷ মাহিকা খান্না আৰু কাশৱী সুনীলে ৬-১, ৬-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে অসমৰ যুটিটোক৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ কাইলৈ হ’বলগা ডাবলছ শাখাৰ ফাইনেলত মাহিকা আৰু কাশৱী যুটিয়ে দেশৰে ঐশ্বৰ্য যাদৱ আৰু সোহিনী সঞ্জয় মহন্তীৰ বিৰুদ্ধে খেলিব৷ ইফালে, ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত কাইলৈ ফ্ৰান্সৰ এৰন গাবেট আৰু ভাৰতৰ সেহাজ সিং পাৱাৰ যুটিয়ে দেশৰে আদিত্য মোড় আৰু অৰ্জুন ৰাথীৰ বিৰুদ্ধে খেলিব৷

ছেমিফাইনেলত ভাৰতীয় যুটিটোৱে আমেৰিকাৰ ইজিয়ান আৰু ৰোমানিয়াৰ কানবাৰ্গিমাথক পৰাস্ত কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত জনোৱা অনুসৰি কাইলৈ ল’ৰা আৰু ছোৱালীৰ একক শাখাৰ ছেমিফাইনেলো অনুষ্ঠিত হ’ব৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাৰ আজি উভয় শাখাৰে কোৱাৰ্টাৰ ফাইনেল মেচসমুহ অনুষ্ঠিত হয়৷

ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ সেহাজ সিং পাৱাৰ, অৰ্জুন ৰাথী, প্ৰনীল শৰ্মা আৰু আমেৰিকাৰ ইজিয়ান আহমেদ৷ আনহাতে, ছোৱালীৰ একক শাখাৰ অন্তিম চাৰিটা স্থান নিশ্চিত কৰিছে আমেৰিকাৰ প্ৰিয়ংক ৰাণাৰ লগতে ভাৰতৰ ঐশ্বৰ্য যাদৱ, ঋষিতা ৰেড্ডী আৰু শৈৱী গৌৰৱ দলালে৷ ভাৰতসহ ২১ খন দেশৰ খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখন অহা ২৩ নৱেম্বৰত সমাপ্ত হ’ব৷