নিউজ ডেস্ক, ২৭ নৱেম্বৰ, ২০২৪ : উত্তৰ পূবৰ ৰাজ্য সমূহেৰে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। অসমকে ধৰি উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে উত্তৰ পূবৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। পুনৰবাৰ উত্তৰ পূবৰ এখন ৰাজ্যত জব্দ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবা কোটি টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে।
অসম তথা উত্তৰ পূবৰ ৰাজ্য সমূহ ড্ৰাগছ সৰবৰাহৰ ঘটিলৈ পৰিণত হৈছে। অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ মিজোৰামত প্ৰায়ে জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ, জালত পৰি আছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। ইয়াৰ পিছতো অসম আৰু মিজোৰামৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহকাৰী সকলে ড্ৰাগছৰ সৰবৰাহ চলাই গৈছে। মিজোৰামত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী ম্যানমাৰৰ নাগৰিক আৰু এগৰাকী মহিলাসহ মুঠ তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে।
এক গোপন খবৰৰ ভিত্তিত মিজোৰাম আৰক্ষী আৰু চি আই ডিৰ বিশেষ শাখাৰ দল এটাই অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে ৮ কেজি ০৫৮ গ্ৰাম হেৰ’ইন। বুধবাৰে পুৱতি নিশা অভিযানকাৰী দলটোৱে দুখন বলেৰ বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে। জব্দকৃত এই বুজন পৰিমাণৰ হেৰ’ইনখিনিৰ বজাৰ মূল্য কেইবা কোটি কোটি টকা বুলি অভিযানকাৰী দলটোৱে অনুমান কৰিছে। এই বুজন পৰিমাণৰ হেৰ’ইনৰ লগতে ম্যানমাৰৰ এগৰাকী নাগৰিক আৰু এগৰাকী মহিলাসহ মুঠ তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী সকল হৈছে লালৰোহ্নুনা ফানাই, টলাংঘমিংথাংগী আৰু লালমুআনজুয়ালা। ড্ৰাগছ সৰবৰাহকাৰীয়ে ৯৫৫ টা চিগাৰেটৰ বাকচত লুকুৱাই আনিছিল হেৰ’ইনখিনি। এই সাফল্য মিজোৰাম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্যতম বৃহৎ সাফল্য বুলি অভিহিত কৰিব পাৰি। আজি জব্দ কৰা হেৰ’ইনখিনি মিজোৰামত এটা সময়ত জব্দ হোৱা সৰ্বাধিক হেৰ’ইন বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মিজোৰাম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ কৰিব বুলি মিজোৰাম আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়ে।
উল্লেখ্য যে ড্ৰাগছ সৰবৰাহকাৰী সকলে মিজোৰামৰ হৈ অসমৰ মাজেৰে দেশৰ অন্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ সমূহলৈ ড্ৰাগছ সৰবৰাহ কৰে। অসম আৰক্ষীৰ লগতে মিজোৰামৰ আৰক্ষী তথা বিভিন্ন ড্ৰাগছ বিৰোধী সন্থাৰ অভিযানত সঘনাই বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ হৈ আছে। অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰাৰ সমান্তৰালভাৱে মিজোৰামৰ আৰক্ষীও ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ পৰা মিজোৰামৰ তথা উত্তৰ পূবৰ অন্যান্য ৰাজ্যলৈ ড্ৰাগছ সৰবৰাহ হয়।