নিউজ ডেস্ক, ১৯ মাৰ্চ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে বুধবাৰে জিৰিবাম-ইম্ফল নতুন ৰে’ল পথ (New Rail Track) প্ৰকল্পৰ জিৰিবাম-খোংছাং খণ্ডৰ পুংখানুপুংখ পৰিদৰ্শন কৰে। ৫৫.৩৬ কিলোমিটাৰতকৈও অধিক বিস্তৃত জিৰিবাম-খোংছাং খণ্ডটো ১১০.৬২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম-ইম্ফল ৰে’লৱে প্ৰকল্পৰ অংশ হিচাপে মণিপুৰত ৰে’ল সংযোগ বৃদ্ধিৰ বাবে এক অবিচ্ছেদ্য অংগ স্বৰূপ।

আৰম্ভণিতে ছেপ্টেম্বৰ ২০২২ ত মুকলি কৰা খণ্ডটোৱে বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰি খোংছাঙলৈ নিয়মীয়া মালবাহী ৰে’ল সেৱাৰ পৰিচালন কৰি আহিছে। পৰিদৰ্শনৰ সময়ত, মহাপ্ৰৱন্ধকে খণ্ডটোত ৰে’লৰ সুৰক্ষিত পৰিচালন নিশ্চিত কৰাৰ বাবে সুৰংগ, সেতু, ট্ৰেক আৰু চিগনেলিং ব্যৱস্থাকে ধৰি আন্তঃগাঁথনিমূলক সা-সুবিধাসমূহৰ এক বিতং পৰ্যালোচনা কৰে। মহাপ্ৰৱন্ধকে বিভিন্ন ষ্টেচনৰ সুৰক্ষা সম্পৰ্কীয় কামত নিয়োজিত কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে আৰু ট্ৰেকৰ শক্তিশালীকৰণ, ভূমিস্খলনৰ দৰে ভূতাত্ত্বিক স্থিতিশীলতাৰ সমস্যা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয় সমূহকে ধৰি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰকল্পটোৰ কামকাজৰ অগ্ৰগতিৰ লগে লগে অনাগত বছৰসমূহত খোংছাং-ননী (১৮.২৫ কিমি) আৰু ননী-ইম্ফল (৩৭.০২ কিমি) খণ্ড মুকলি কৰাৰ পথ প্ৰশস্ত হ’ব। সম্পূৰ্ণ হোৱাৰ পিছত, জিৰিবাম-ইম্ফল ৰে’লপথে মণিপুৰত সংযোগ ব্যৱস্থাৰ দিশত ৰূপান্তৰ কঢ়িয়াই আনিব, অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক উন্নয়নত গতিশীলতা প্ৰদান কৰিব। জিৰিবাম-ইম্ফল নতুন ৰে’লপথ প্ৰকল্পটো উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্প। ভাৰতীয় ৰে’লৱেই কেইবাটাও নতুন ৰে’লপথ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰি উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিৱৰ্তনৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে আৰু সামগ্ৰিক প্ৰেক্ষাপটত জিৰিবাম-ইম্ফল ৰে’ল সংযোগ প্ৰকল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ৰাজধানী সংযোগ প্ৰকল্পসমূহৰ অধীনত উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰাৰ অৰ্থে নতুন ৰে’লপথৰ নিৰ্মাণ কাৰ্য বৰ্তমানে চলি আছে।