নিউজ ডেস্ক, ৪ মে’, ২০২৫ : কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা (National Championship) খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সপ্তম সংক্ষৰণ দেওবাৰৰ পৰা বিহাৰত আৰম্ভ হৈছে৷ পোন প্ৰথমবাৰৰ বাবে বিহাৰে এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছে৷ ৰাজ্যৰ পাঁচখন চহৰত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ এইবাৰ প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে৷ আনহাতে, ই-স্পৰ্টছ প্ৰদৰ্শনী ইভেণ্টৰূপে থাকিব৷
দেশৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ ল’ৰা-ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে৷ অহা ১৫ মে’লৈ অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত খেলুৱৈয়ে ২৪৫ টাকৈ সোণ আৰু ৰূপ তথা ৩০২ টা ব্ৰঞ্জ পদকৰ বাবে প্ৰতিন্দ্বিতাত নামিব৷ দেওবাৰে আবেলি ৬.৩০ বজাত পাটনাত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় যদিও পুৱাৰে পৰাই তিনিটা ইভেণ্টৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল আৰম্ভ হৈছে৷ ভাগলপুৰত আৰ্চাৰী, ৰাজগিৰত কাবাডী আৰু পাটনাত ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে।
অসমৰ খেলুৱৈয়ে আৰ্চাৰীত যোগ্যতা অৰ্জনত ব্যৰ্থ হয় যদিও ৰাজ্যৰ ছোৱালীৰ কাবাডী আৰু ভলীবল দলে গ্ৰুপৰ মেচত অংশ লয়৷ ইতিমধ্যে ভলীবলৰ সূচী প্ৰকাশ পাইছে৷ পুল ‘বি’ত স্থান লাভ কৰা অসমৰ ছোৱালী দলে বিয়লি পাঁচ বজাত ৰাজস্থানৰ বিৰুদ্ধে প্ৰথম মেচত অৱতীৰ্ণ হয়৷ অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ অসমৰ গ্ৰুপৰ আন দুটা দল হ’ল-গুজৰাট আৰু কেৰালা৷
ইফালে, কাবাডীৰ সূচী নিশা প্ৰকাশ পাব৷ উল্লেখ্য যে প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে যদিও অসমে ১৭ বিধ খেলত প্ৰতিদণ্ডিতা কৰিব৷ অসমৰ দলটোৰ সদস্যৰ সংখ্যা হ’ল ১৩৫৷ ইয়াৰে ১০৫ গৰাকী এথলীট৷ ল’ৰা ৪২ আৰু ছোৱালী ৬৩ গৰাকী৷ ইতিমধ্যে ন বিধ খেলৰ খেলুৱৈ হৈ বিহাৰৰ বিভিন্ন ক্ৰীড়াস্থলীত উপস্থিত হৈছে৷