নগাঁও, ২০ মে’, ২০২৫ : অমৃত ভাৰত ষ্টেচন আঁচনিৰ (Amrit Bharat Station Scheme) অংশ হিচাপে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ মে’ তাৰিখে সমগ্ৰ দেশৰ ১০৩ খন পুনৰ্বিকশিত ৰে’লৱে ষ্টেচন ভাৰ্চুৱেলী উদ্বোধন কৰিব আৰু তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ ভিতৰত হয়বৰগাঁও ৰে’লৱে ষ্টেচনো অন্তৰ্ভূক্ত থাকিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ হয়বৰগাঁও ৰে’লৱে ষ্টেচনটো অসমৰ নগাঁও জিলাত অৱস্থিত, এই ষ্টেচনটোৰ এক ঐতিহাসিক তাৎপৰ্য আছে, যিটো ষ্টেচন বৃটিছ শাসনৰ সময়ত নগাঁৱৰ চাহশিল্প আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালনেৰে পৰিবহনৰ সংযোগস্থল হিচাপে সেৱা আগবঢ়াই আহিছে।

১৮৮৭ চনত নিৰ্মিত এই ষ্টেচনটো এতিয়া এক বিশ্বমানসম্পন্ন সুবিধাৰে ৰূপান্তৰিত এক ষ্টেচন ৰূপে পৰিগণিত হৈছে, যাৰ দ্বাৰা ইয়াৰ অনুপম স্থাপত্য কলা আৰু শেহতীয়া সা-সুবিধাসমূহৰ সৈতে এই ষ্টেচনটো উচ্চ প্ৰশংসিত হবলৈ সক্ষম হৈছে। ২০ তাৰিখে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ এটি দলৰ সৈতে, স্থানীয় সংবাদ কৰ্মীসকলে প্ৰায় উদ্বোধনৰ ক্ষণত থকা এই ৰে’লৱে ষ্টেচনটো পুনৰ্বিকশিত আৰু আধুনিককৃত যাত্ৰীৰ সা-সুবিধাসমূহ নিৰীক্ষণ ও উপস্থাপনৰ উদ্দেশ্যে এই ষ্টেচনটোৰ পৰিদৰ্শন কৰে। সেই সময়ত উপস্থিত জনতাৰ সঁহাৰি ইতিবাচকৰূপে অভূতপূৰ্ব আছিল। উপস্থিত থকা বয়োজ্যেষ্ঠ অতিথিসকলে কয়লা-চালিত ষ্টিম ইঞ্জিন আৰু এক সাধাৰণ ষ্টেচন আৰ্হিৰ কথা স্মৰণ কৰি বৰ্তমান ষ্টেচনটোৰ আহল বহল এলেকাৰ লগতে যাত্ৰী অনুকূল সা-সুবিধাসমূহৰ এক বিস্তৃত সু-সজ্জিত সুবিধাৰ ব্যাপক উত্তৰণত নিজৰ আশ্চৰ্য প্ৰকাশ কৰে।

গুৱাহাটী মহানগৰৰ পৰা অহা শাহিল কুমাৰ ৰাইৰ দৰে যাত্ৰীসকলে, যিসকলে সমীপত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল, এই ষ্টেচনটোৰ ৰূপান্তৰণত বিশেষভাৱে মন্ত্ৰমুগ্ধ হৈ পৰে। তেওঁ এই ষ্টেচনটো, যিটো ষ্টেচন এসময়ত সাধাৰণ ষ্টেচন বুলি গণ্য কৰা হৈছিল, এতিয়া সুবিশাল প্ৰৱেশপথ, সন্মুখভাগৰ বিস্তৃত এলেকা সুশৃখলিত পাৰ্কিং ব্যৱস্থা আধুনিক প্ৰতীক্ষাহল ম’ডুলাৰ আৰু সুলভ শৌচাগাৰ, ৰেম্প আৰু ব্যবহাৰকাৰীৰ বাবে এক অনুকূল টিকট কাউন্টাৰৰ সৈতে এক সমৃদ্ধ ষ্টেচন হৈ পৰিছে। তেওঁ লগতে কয় যে এটা সৰু ষ্টেচন হোৱা স্বত্ত্বেও হয়বৰগাঁও ষ্টেচনটো বৰ্তমানে ইয়াৰ আন্তঃগাঁথনি আৰু যাত্ৰীৰ সা-সুবিধাৰ দিশত অন্য বহুতো ষ্টেচনকে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

ষ্টেচনটো অসমীয়া সংস্কৃতি আৰু ঐতিহ্যক নান্দনিক ৰূপত অংকিত কৰা সুন্দৰ দেৱাল চিত্ৰ আৰু বিষয়বস্তু সমৃদ্ধ ভাস্কৰ্যৰে অলংকৃত কৰা হৈছে, যি ইয়াৰ দৃষ্টিনন্দন আকৰ্ষণক উপস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সদায়েই ৰাইজৰ আশা-আকাঙ্খা আৰু ভ্ৰমণ অভিজ্ঞতা উন্নততৰ কৰাৰ অৰ্থে প্ৰতিশ্রুতিবদ্ধ। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৫০ টা ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ কাৰ্য তীব্ৰগতিত আগবাঢ়িছে, যি নিশ্চিত কৰিছে যে অসমৰ জনসাধাৰণে অতি শীঘ্ৰে উন্নীত, ফলপ্ৰসূ আৰু সংস্কৃতিকভাৱে সমৃদ্ধ ৰেলৱে আন্তঃগাঁথনিৰ পৰা উপকৃত হ’ব, যাৰ দ্বাৰা এক আধুনিক, উন্নীত অৱধাৰণাৰ সংযোজনেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰতে এক আধুনিক ৰেল সংযোগ ব্যৱস্থা উপলব্ধ হ’ব।