নিউজ ডেস্ক, ২৪ আগষ্ট, ২০২৫ : বিগত বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) ভাৰতীয় সেনাই আয়োজন কৰা ঐতিহাসিক ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰি ক্ৰমাগত দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে৷ শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৬-১ গ’লত পৰাস্ত কৰে প্ৰতিযোগিতাত অভিষেক কৰা ডাইমণ্ড হাৰবাৰ এফ চিক৷
অভিজ্ঞতা, দক্ষতা, দলীয় শক্তিৰে নৰ্থ ইষ্ট ইউনাইটেডে মেচৰ ফেভাৰিট দল আছিল৷ কিন্তু গ্ৰুপৰ লগতে দুখন নকআউট মেচত চমকপ্ৰদ খেলেৰে ফাইনেলত প্ৰৱেশ কৰা ডাইমণ্ড হাৰবাৰ যে বৃহৎ মেচত এইদৰে আত্মসমৰ্পন কৰিব সেয়া ফুটবলপ্ৰেমীৰ বাবে স্বাভাৱিকতে অপ্ৰত্যাশিত আছিল৷ চাপ তথা ৰণনীতিৰ ভুলৰ বাবে ডাইমণ্ড দলে লজ্জাৰ পৰাজয়ৰ সন্মুখীন হ’ল৷ বিপৰীতে ভাৰতীয় ফুটবলৰ মক্কাত উত্তৰ-পূৱৰ বিজয় নিচান আকৌ এবাৰ গৌৰৱে উৰিল৷
খেলৰ প্ৰথমাৰ্ধতে নৰ্থ ইষ্ট ইউনাইটেডে দুটা গ’ল কৰি বিপক্ষক চাপত আবৃত কৰাৰ লগতে মেচ নিজৰ নিয়ন্ত্ৰণত ৰাখে৷ ৩০ মিনিটত গুৱাহাটীৰ দলটোৰ হৈ আছিৰে প্ৰথমটো গ’ল দিয়ে৷ আনহাতে, দলৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈয়ে ৪৫ মিনিটত দ্বিতীয়টো গ’ল কৰি বিৰতিলৈ নৰ্থ ইষ্ট ইউনাইটেডক ২-০ ত আগুৱাই ৰাখে৷ ৫০ মিনিটত থৈ সিঙে তৃতীয়টো গ’ল কৰি ডাইমণ্ড হাৰবাৰৰ প্ৰত্যাৱৰ্তনৰ আশাত চেচাপানী ঢালি দিয়ে৷
পূৰ্বৰ মেচৰ ৰণনীতিৰ দৰেই কিবুভিকুনাইৰ দলটোৱে আক্ৰমণৰ পৰিবৰ্তে ৰক্ষণ বিভাগ অধিক শক্তিশালী কৰি ৰাখিছিল লগতে নৰ্থ ইষ্ট দলৰ তাৰকা আজাৰাইক বান্ধি ৰখাৰ চেষ্টা কৰিছিল৷ এয়াই আছিল ডাইমণ্ড হাৰবাৰৰ ভুল ৰণনীতি৷ আজাৰায়ে গ’ল কৰিব নোৱাৰিলেও অন্য আছিৰ, পাৰ্থিৱ আৰু থৈয়ে নৰ্থ ইষ্ট ইউনাইটেডক ৩-০ ৰ অগ্ৰগতি দিয়ে৷ প্ৰেড’ বেনালীৰ এই ৰণনীতিয়ে দলক সফলতা দিয়ে৷
৬৮ মিনিটত বিপক্ষৰ গ’লবস্কত খেলিমেলিৰ সুযোগত ডাইমণ্ডৰ মাজকেনে গ’ল কৰি ব্যৱধান ৩-১ কৰে৷ সেইসময়তে ডাইমণ্ডে অন্তিম ড্ৰিংছ ব্ৰেকৰ পাছত ৰক্ষণ বিভাগ খালী কৰি আক্ৰমণ কৰিবলৈ লয়৷ কিন্তু দলে গ’ল কৰাৰ পৰিবৰ্তে তিনিটা গ’ল হজমহে কৰিব লগা হয়৷ ৮১ মিনিটত জাইৰোই, ৮৬ মিনিটত এণ্ডিয়ে তথা ইঞ্জুৰী টাইমত আজাৰায়ে পেনাল্টিৰ জড়িয়তে গ’ল কৰে৷ প্ৰতিযোগিতাত আঠটা গ’ল কৰা আজাৰায়ে গোল্ডেন বল আৰু গোল্ডেন বুট লাভ কৰে৷ ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ গুৰমীট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক নিৰ্বাচিত হয়৷