গুৱাহাটী, ১ আগষ্টঃ উত্তৰ-পূৰ্বাঞ্চললৈ ২,০০০ কোটিৰ বান সাহাৰ্য্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে পুৱা ১০ বজাত বিশেষ বিমানেৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰীক বিমান বন্দৰৰ পৰা আদৰণি জনাই হেলিকপ্টাৰযোগে খানাপাৰাত উপস্থিত হয়৷ খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰীয়ে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালসহ উত্তৰ-পূৰ্বাঞ্চলৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত তিনিখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে সুকীয়াভাৱে বৈঠকত মিলিত হয়৷ বৈঠকৰ শেষত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত সদৰি কৰা মতে, মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বান সাহাৰ্য্য আৰু সংস্থাপনৰ বাবে ২,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে৷ অসমৰ বান সমস্যা সমাধান কাৰণে তাৎক্ষণিক ভাবে ২৫০ কোটি মোকলাই দিব৷ আনহাতে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰধানমন্ত্ৰীয়ে এক বিশেষ প্ৰকল্প হাতত লৈছে৷ এই প্ৰকল্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ গতিবিধি পৰ্যবেক্ষণ কৰি ৰাজ্যখনৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাট মুকলি কৰিব পৰা যাব। ইয়াৰ বাবে আছুতীয়াকৈ মোদীয়ে ১০০ কোটি ঘোষণা কৰে৷