গুৱাহাটী, ১০ নৱেম্বৰ, ২০২৫ : বাংগালুৰুৰ আৰ ভি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা টিন ইণ্ডি ফিল্ম এৱাৰ্ডছ (TIFA) ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শিত হয় অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’। ১০ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিবলগীয়া এই চলচিত্ৰ মহোৎৱৰ উন্মোচনৰ সময়ত প্ৰদৰ্শিত অসমীয়া ছবিখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অৰুণজিৎ বৰাৰ পৰিচালনাৰ ‘গুডবাই গুৰুজী’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ অভিনেতা পাৰ্থ প্ৰতিম হাজৰিকা আৰু আইমী বৰুৱাই। শেহতীয়াকৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ‘Festival Gange Sur Siene’ত প্ৰদৰ্শিত হোৱা ছবিখনে ইতিমধ্যে কাহিনীৰ উপস্থাপন আৰু সাংস্কৃতিক গভীৰতাৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বাংগালুৰুত ছবিখনৰ প্ৰদৰ্শনৰ পূৰ্বে পৰিচালক অৰুণজিৎ বৰাই কয়, “টি আই এফ এত ‘গুডবাই গুৰুজী’ৰ প্ৰদৰ্শন আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰিছো। এয়া আমাৰ সকলোৰে বাবে অতি কঠিন সময়। আমি এতিয়াও তেওঁৰ মৃত্যুক মানি ল’ব পৰা নাই।”

ইফালে, ১০ নৱেম্বৰত টি আই এফ এত ‘গুডবাই গুৰুজী’ ছবিখন উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰাৰ পূৰ্বে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ছবিখনৰ প্ৰতি আন্তৰ্জাতিক সঁহাৰিৰ সন্দৰ্ভত পৰিচালক অৰুণজিৎ বৰাই লগতে কয়, “পেৰিছত প্ৰদৰ্শনৰ সময়ত ছবিখনৰ ধাৰণাটো দৰ্শকে অভূতপূৰ্বভাৱে আঁকোৱালি লৈছিল। এই ছবিখনত ‘ভাওনা’ৰ জৰিয়তে অসমৰ হাজাৰ বছৰীয়া ঐতিহ্যক এক অনন্য ৰূপত প্ৰদৰ্শন কৰা হৈছে। মই নিশ্চিত যে আৰ ভি বিশ্ববিদ্যালয়ৰ যুৱ দৰ্শকসকলেও ছবিখনৰ কনচেপ্ট আৰু উপস্থাপনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব।”

মন কৰিবলগীয়া যে, ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি) আৰু চিনেক্ৰাফ্ট প্ৰডাকচনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত প্ৰযোজনা কৰা ‘গুডবাই গুৰুজী’ অহা বছৰ অসমীয়া চিনেমাগৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে। ছবিখনৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰূপজ্যোতি মহন্ত, ৰূপকুমাৰ বৰা, নৱ মহন্ত আৰু অন্যুন কাশ্যপে। ছবিখনৰ কাহিনী সঞ্জীৱ তিৱাৰীৰ আৰু চিত্ৰনাট্য ৰচনা কৰিছে অৰুণজিৎ বৰা আৰু মহৰ্ষি তুহিন কাশ্যপে। ছবিখনৰ সহ-পৰিচালক মহৰ্ষি তুহিন কাশ্যপ, আৰু সহযোগী প্ৰযোজক অপৰাজিতা ভূঞা।

অন্যহাতে, ‘গুডবাই গুৰুজী’ৰ চিনেমেট’গ্ৰাফী আশুতোষ কাশ্যপৰ, কলা পৰিচালনা অৰূপ দত্ত, মেকআপ ডিজাইন পংকু হাজৰিকাৰ আৰু ৰং সম্পাদনা (ডি আই) হাদৱিত বাগলাৰীৰ। সংগীত পৰিচালনা কৰিছে যশস্বী কণ্ঠশিল্পী তথা সংগীত পৰিচালক তৰালী শৰ্মাই। শব্দ মিশ্ৰণ আৰু আৰ আৰ মিক্সিঙত আছে দেৱজিৎ গায়ন আৰু সম্পাদনা কৰিছে ৰন্টু চেতিয়াই। ছবিখনত প্ৰধান সহকাৰী পৰিচালক হিচাপে কাম কৰিছে চিন্ময় দত্তই। আনহাতে ‘গুডবাই গুৰুজী’ৰ প্ৰযোজনা কৰিছে পৃথুল কুমাৰ আৰু সহ-প্ৰযোজক হৈছে চিনেক্ৰাফ্ট প্ৰডাকচনৰ বিবেক আগৰৱাল।