গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০২৫ : আকৰ্ষণীয় ডিজাইন, অতুলনীয় আৰাম, অগ্ৰণী প্ৰযুক্তি আৰু এছ ইউ ভি ছেগমেণ্টত ডাইনামিক ড্ৰাইভিং অভিজ্ঞতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰি জে এছ ডব্লিউ এম জি মটৰ (MG Motors) ইণ্ডিয়াই আজি নতুন এম জি হেক্টৰ মুকলি কৰাৰ কথা ঘোষণা কৰে। নৱতম হেক্টৰত নতুন ফ্ৰন্ট আৰু ৰিয়াৰ বাম্পাৰ ডিজাইন, সম্পূৰ্ণ নতুন গ্ৰীল ডিজাইন, নতুন এলয় হুইল আৰু দুটা নতুন ৰং – চেলাডন ব্লু আৰু পাৰ্ল হোৱাইটৰ সৈতে আকৰ্ষণীয় বাহ্যিক বৈশিষ্ট্য সংযোজন কৰা হৈছে। অভ্যন্তৰত ৫ আসনৰ ট্ৰিমত ডুৱেল টোন আইচ গ্ৰে থিম আৰু ৬ তথা ৭ আসনৰ ট্ৰিমৰ বাবে ডুৱেল টোন আৰ্বান টেন আছে, যিয়ে অধিক প্ৰিমিয়াম আৰু চকুত লগা কেবিন পৰিৱেশৰ সৃষ্টি কৰিছে। নতুন এম জি হেক্টৰ ৰেঞ্জৰ আৰম্ভণি মূল্য হৈছে ১১.৯৯ লাখ টকা (এক্স-শ্ব’ৰুম)।

নতুন এম জি হেক্টৰত উপলব্ধ অ’ৰা হেক্স গ্ৰীলে শক্তি আৰু নিখুঁততাৰ প্ৰতীক এটা আকৰ্ষণীয় ষড়ভুজ গঠন কৰে। প্ৰতিটো কোণৰ পৰা পেশীবহুল, আত্মবিশ্বাসী স্থিতি প্ৰদান কৰিব পৰাকৈ আকৃতি দিয়া সন্মুখ আৰু পিছফালৰ নতুন অ’ৰা স্কালপ্ট বাম্পাৰে পথত ইয়াৰ শক্তিশালী উপস্থিতি বহু পৰিমাণে বদ্ধি কৰে। এছ ইউ ভিত ডাইনামিক অ’ৰা বল্ট এলয় হুইল, শক্তিশালী আৰু এক্সপ্ৰেছিভ এলয়ো আছে যিবোৰ স্থবিৰ অৱস্থাতো শক্তি প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। সমসাময়িক দুটা নতুন বাহ্যিক ৰং, চেলাডন ব্লু আৰু পাৰ্ল হোৱাইটে ইয়াৰ আধুনিক ডিজাইনৰ আবেদনক আৰু অধিক উন্নীত কৰিছে, যাৰ ফলত নতুন হেক্টৰক আগৰ তুলনাত অধিক ষ্টাইলিছ আৰু সমৃদ্ধ কৰি তুলিছে।

নতুন এম জি হেক্টৰৰ প্লাছ ইণ্টেৰিয়ৰসমূহে এতিয়া দুটা নতুন ৰঙৰ থিম আগবঢ়াব- ৬ আৰু ৭ আসনযুক্ত ভেৰিয়েন্টৰ বাবে আধুনিক নগৰীয়া নান্দনিকতাৰ দ্বাৰা অনুপ্ৰাণিত ডুৱেল টোন আৰ্বান টেন, যিয়ে এটা উষ্ণ, উন্নত আৰু আমন্ত্ৰণমূলক পৰিৱেশ সৃষ্টি কৰে। চমকি থকা এক ক’লা-আৰু-ধূসৰ পেলেটৰ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ৫ আসনযুক্ত ভেৰিয়েণ্টৰ বাবে ডুৱেল টোন আইচ গ্ৰে বাছনি কৰা হৈছে যিয়ে এটা মসৃণ আৰু টেক-ফৰৱাৰ্ড পৰিৱেশ আগবঢ়ায়। হাইড্ৰ’ফ’বিক ক’লা-নীলা ইনছাৰ্টৰ সৈতে থিম আৰু ইণ্টেৰিয়ৰ হাইড্ৰা গ্লছ ফিনিচ এচেণ্টৰ সৈতে আৰু অধিক উন্নীত কৰা হৈছে, যিয়ে গভীৰতা, আড়ম্বৰতা আৰু দীৰ্ঘস্থায়ীত্ব যোগ কৰে। এই উচ্চ ডিজাইনৰ পৰিপূৰক হৈছে আসন আৰু চামৰাৰ পেক*ত ফেব্ৰিক ইনছাৰ্ট: ডেচব’ৰ্ড, দুৱাৰ আৰু কনছ’ল, ফ্ৰন্ট ভেন্টিলেটেড আসন, টেলিস্কোপিক আৰু টিল্ট, এডজাষ্টেবল ষ্টিয়াৰিং আৰু ৬-ৱে পাৱাৰ এডজাষ্টেবল ড্ৰাইভাৰ আসন, যিয়ে কাৰুকাৰ্য্য আৰু দৈনন্দিন ব্যৱহাৰিকতাৰ নিখুঁত ভাৰসাম্য বজাই ৰাখি আৰাম বৃদ্ধি কৰে।

ইয়াৰ আটাইতকৈ ডাঙৰ-ছেগমেণ্ট (১৪ ইঞ্চি) এইচডি প’ৰ্ট্ৰেইট টাচ স্ক্ৰীণৰ সৈতে নতুন হেক্টৰৰ ইনফ’টেইনমেণ্ট অভিজ্ঞতাই স্মাৰ্ট বুষ্ট প্ৰযুক্তিৰ জৰিয়তে এক উল্লেখযোগ্য পৰিৱেশন ক্ষমতা লাভ কৰে, যিয়ে এটা মসৃণ, দ্ৰুত আৰু নিৰৱচ্ছিন্ন সংযোগৰ বাবে উন্নত প্ৰচেছিং প্ৰদান কৰে। ব্যৱস্থাটোৰ সঁহাৰি প্ৰক্ৰিয়াই এক সুচল আৰু প্ৰিমিয়াম ডিজিটেল অভিজ্ঞতা নিশ্চিত কৰে। ইয়াৰ সৈতে যোগ কৰা হৈছে সম্পূৰ্ণ নতুন আৰু প্ৰথম-ছেগমেণ্ট আই-স্বাইপ টাচ জেষ্টাৰ কন্ট্ৰ’ল, যিয়ে এ চি, সংগীত আৰু নেভিগেচনৰ বাবে দুটা আৰু তিনিটা আঙুলিৰ স্বাইপৰ দৰে স্বজ্ঞাত মাল্টি-টাচ কাৰ্যসমূহ সহজ কৰে। উদ্ভাৱনীমূলক ডিজিটেল ব্লুটুথ® কী আৰু কী শ্বেয়াৰিং ক্ষমতা*ৰ সৈতে ছেগমেণ্টৰ ভিতৰত সৰ্বপ্ৰথম প্ৰেডিক্টিভ মেইণ্টেনেন্স এলাৰ্ট, ৰিম’ট এচি কন্ট্ৰ’লে উন্নত সুবিধা প্ৰদান কৰে। এই স্মাৰ্টফোনৰ দৰে পাৰস্পৰিক ক্ৰিয়াই সুবিধা আৰু গাড়ী চলোৱাৰ আনন্দক উন্নীত কৰে। এটা ১৭.৭৮ চে.মি. এম্বেডেড এল চি ডি স্ক্ৰিণৰ সৈতে সম্পূৰ্ণ ডিজিটেল ক্লাষ্টাৰে এটা আধুনিক আৰু স্বজ্ঞাত চলন সংযোগী অভিজ্ঞতা প্ৰদান কৰে।

উন্মোচনী অনুষ্ঠানত ভাষণ দি জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই কয়, “হেক্টৰ আমাৰ বাবে এক পৰম উৎসুকতাৰ অন্য নাম আছিল আৰু দ্ৰুতগতিত এম জি ব্ৰেণ্ডৰ শক্তিস্বৰূপ হৈ পৰিছিল। মুকলিৰ পিছৰে পৰা এই বাহনখন ১ লাখ ৫০ হাজাৰৰো অধিক গ্ৰাহকৰ সৈতে ভাৰতৰ অন্যতম প্ৰিয় এছ ইউ ভি হিচাপে পৰিগণিত হৈছিল। আমি নতুন এম জি হেক্টৰৰ ডিজাইন, আৰাম আৰু প্ৰযুক্তি বৃদ্ধি কৰি এই উত্তৰাধিকাৰক আৰু এখোজ আগুৱাই লৈ গৈছো আৰু এক অতুলনীয় সৃষ্টি আগবঢ়োৱাৰ প্ৰয়াস কৰিছোঁ। আমি বিশ্বাস কৰোঁ যে প্ৰকৃতাৰ্থত উন্নত গতিশীলতা মাথো মুষ্টিমেয় সমূহৰ বাবে সংৰক্ষিত একচেটিয়া বিলাসীতা হ’ব নালাগে। এই উচ্চমানৰ পেকেজৰ জৰিয়তে নতুন এম জি হেক্টৰে প্ৰযুক্তিক আৰু অধিক জনমুখী কৰি তোলাৰ লগতে প্ৰিমিয়াম এছ ইউ ভি এখনে কি দিব পাৰে তাৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব।”

নতুন হেক্টৰে ৩৬০°এইচডি কেমেৰাযুক্ত হুইল ভিউৰ সৈতে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে সুৰক্ষা আৰু সুবিধাকো উন্নীত কৰে, যিয়ে টায়াৰপৰ্যন্ত সম্পূৰ্ণ দৃশ্যমানতা প্ৰদান কৰে যাতে কম ঠাইতো পাৰ্কিং আৰু চলন সহজ হয়। ইয়াৰ ফলত টায়াৰৰ স্তৰলৈকে সম্পূৰ্ণ চৌপাশৰ সজাগতা নিশ্চিত কৰাৰ লগতে ব্যৱহাৰিকতা আৰু দৃশ্যমানতা বৃদ্ধি পায়। নতুন হেক্টৰত এ বি এছ, ই বি ডি, ই এছ পি, টি চি এছ, হিল হোল্ড কণ্ট্ৰল আৰু ব্ৰেক এছিষ্টৰ দৰে মানক সুৰক্ষামূলক বৈশিষ্ট্যও আছে। এই উন্নত বৈশিষ্ট্যসমূহ আৰু ১.৫ লিটাৰ টাৰ্বোচাৰ্জড পেট্ৰল ইঞ্জিন (চি ভি টি আৰু এম টি)য়ে ১৪৩ পিএছ শক্তি আৰু ২৫০ এন এম টৰ্ক প্ৰদান কৰে, যিয়ে নতুন হেক্টৰক আগৰ তুলনাত অধিক ষ্টাইলিছ, বুদ্ধিমান, শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিছে।

২০১৯ চনত ভাৰতৰ প্ৰথম ইণ্টাৰনেট গাড়ী হিচাপে মুকলি হোৱা এম জি হেক্টৰে টেক, সুৰক্ষা আৰু শৈলীৰ এক সুশৃংখলিত সংমিশ্ৰণেৰে নিজকে উন্নীত কৰি আহিছে। ইয়াত শ্ৰেষ্ঠ বৈশিষ্ট্যসমূহ যেনে ডুৱেল-পেন পেনোৰামিক ছানৰুফ, এটা ইমাৰ্চিভ ৩৫.৫৬ চে.মি. (১৪ ইঞ্চি) এইচ ডি ইনফ’টেইনমেণ্ট চিষ্টেম, ৮-ৰঙী এম্বিয়েণ্ট মুড লাইটিং আৰু এম জিৰ উন্নত আই-স্মাৰ্ট কানেক্টেড প্ৰযুক্তি ৭০+ বৈশিষ্ট্যৰ সৈতে, আৰু এটা উন্নত এডাছ ছুইট আছে, যিয়ে সঁচাকৈয়ে এক বুদ্ধিমান আৰু স্বতন্ত্ৰ ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। অতিৰিক্ত সুবিধাৰ বাবে, নতুন হেক্টৰত এটা স্মাৰ্ট কী আৰু এণ্টি থেফ্ট ইম’বিলাইজেচনৰ সৈতে পুছ বুটাম ইঞ্জিন ষ্টাৰ্ট/ষ্টপৰ বৈশিষ্ট্যও আছে। ইয়াৰ উপৰিও ইয়াত অটোমেটিক পাৱাৰড টেইলগেট, পিএম ২.৫ ফিল্টাৰৰ সৈতে এয়াৰ পিউৰিফায়াৰ, ৰেইন চেন্সিং ৱাইপাৰ, অডিঅ’ৰ বাবে ৰিম’ট কণ্ট্ৰ’ল, আই-স্মাৰ্ট এপত এ চি আৰু মুড লাইটৰ লগতে ফ্ৰন্ট পাৰ্কিং চেন্সৰ আছে। একাধিক ট্ৰিম আৰু আসনৰ কনফিগাৰেচনত উপলব্ধ, নতুন হেক্টৰে বৰ্ধিত আৰাম, স্মাৰ্ট সুবিধা, আৰু উচ্চ সুৰক্ষা প্ৰদান কৰে – যাৰ ফলত ই আজিৰ এছ ইউ ভি ক্ৰেতাসকলৰ বাবে এক এৰাব নোৱাৰা পছন্দ হৈ পৰে।

৮৪ মাহ/৭বছৰ পৰ্যন্ত কাৰ্যকালৰ সৈতে ১০০% অন ৰোড প্ৰাইচ ফাণ্ডিঙতো নতুন হেক্টৰ ক্ৰয় কৰিব পাৰি। ইয়াৰ উপৰিও গ্ৰাহকে নতুন এছ ইউ ভিখনৰ আনুষংগিক সামগ্ৰীসমূহৰ ওপৰতো ১০০% পুঁজিৰ সহায় লাভ কৰিব পাৰিব। নতুন হেক্টৰত অনন্য গাড়ীৰ মালিকীস্বত্ব প্ৰগ্ৰেম “এম জি শ্বিল্ড” আছে, যিয়ে বিক্ৰীৰ পিছৰ সেৱাৰ বিকল্প আগবঢ়ায়। গ্ৰাহকসকলেও মানক ৩+৩+৩ পেকেজৰ পৰা লাভৱান হ’ব, য’ত সীমাহীন কিলোমিটাৰৰ সৈতে তিনি বছৰৰ ৱাৰেণ্টী, তিনি বছৰৰ বাবে ৰোড ছাইড এছিষ্টেন্স, আৰু তিনিটা শ্ৰমমুক্ত সময়ানুক্ৰমিক সেৱা অন্তৰ্ভুক্ত কৰা হ’ব। নতুন হেক্টৰৰ গ্ৰাহকসকলে ৱাৰেণ্টী বা ৰোড ছাইড এছিষ্টেন্স বৃদ্ধি কৰি বা প্ৰটেক্ট প্লেন, কোম্পানীটোৰ প্ৰি-পেইড মেইণ্টেনেন্স পেকেজসমূহৰ বাবে বিকল্প গ্ৰহণ কৰিও নিজৰ কভাৰেজ কাষ্টমাইজ কৰিব পাৰে যিয়ে এক মানসিক চাপমুক্ত মালিকীস্বত্বৰ অভিজ্ঞতা প্ৰদান কৰে।