নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী, ২০২৬ : বিশ্বৰ ফেশ্বন ৱৰ্ল্ডৰ অন্যতম স্বৰ্ণপীঠ নিউয়ৰ্ক ফেশ্বন উইকত আকৌ এবাৰ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত অসমৰ বস্ত্ৰ শিল্প। অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta) আকৌ এবাৰ গৌৰান্বিত কৰিলে অসম আৰু অসমীয়াক। নিউয়ৰ্কৰ পথৰ কাষৰ শীতকালৰ বৰফবোৰ এতিয়া লাহে লাহে গলিব আৰম্ভ কৰিছে৷ তাত এতিয়া যোৱা বুধবাৰ, ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ অভিজাত্যৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব’ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সকলৰ নতুন নতুন ফেশ্বন-নতুন নতুন বস্ত্ৰ সম্ভাৰ৷ তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা-চাদৰৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই৷
প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই বিশ্বৰ ফেশ্বন জগতৰ সকলোৰে দৃষ্টি নিবদ্ধ থকা প্ৰদৰ্শনথলী নিউয়ৰ্ক ফেশ্বন শ্ব’ত বিশ্বৰ ফেশ্বন জগতৰ বৰ্তমানৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি মেখেলা-চাদৰ আৰু নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰ “কু্ৱলী-The Mist” শীৰ্ষক শিৰোনামেৰে ‘নিউয়ৰ্ক ফেশ্বন উইক-স্প্ৰিং ছামাৰ’ত প্ৰৰ্দশন কৰি দৰ্শকৰ পৰা লাভ কৰে বিপুল সমাদৰ।এইবাৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ৰ মঞ্চ সমূহত দৰ্শকে Coach, Sergio Hudson আৰু Norma Kamali ৰ দৰে বিখ্যাত ডিজাইনাৰৰ শ্ব’ৰ মাজত তাত ফেশ্বনৰ ৰানৱে’ত উজলি উঠিল সংযুক্তা দত্তৰ অসমীয়া শিপাৰ গোন্ধেৰে সমৃদ্ধ ফেশ্বন। ইতিমধ্যেই Anne Hathaway আৰু Gigi Hadid ৰ দৰে আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিয়েও ইতিমধ্যে ফেশ্বন শ্ব’ৰ ৰানৱে’ত খোজ দিয়া দেখা পোৱা গৈছে।
ইয়াৰ মাজতেই সংযুক্তা দত্তৰ ফেশ্বন শ্ব’ত অসমীয়া পৰম্পৰাগত তাঁতশালৰ কাপোৰেৰে নতুন নতুন ডিজাইনৰ বস্ত্ৰ আৰু নিজেও অসমীয়া সাজ-পোচাকৰ শিপা তথা পৰম্পৰা মেখেলা-চাদৰ পৰিধান কৰি অসমীয়াৰ গৌৰৱ নিউয়ৰ্কত উজলাই তুলিলে সংযুক্তা দত্তই৷ ভাৰতীয় সময় মতে দেওবাৰৰ পুৱা নিউয়ৰ্কত অনুষ্ঠিত হয় সংযুক্তা দত্তৰ মেখেলা-চাদৰৰ ডিজাইন আৰু পৰম্পৰাক থিম হিচাবে লৈ সাম্প্ৰতিক সময়ৰ সৈতে ফেৰ মাৰি প্ৰস্তুত কৰা বস্ত্ৰ সম্ভাৰ আৰু মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হয়৷ দৰ্শকৰ শাৰীত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ চৌখিন ফেশ্বনপ্ৰেমী সকল। এনে এক পৰিৱেশত নিউয়ৰ্ক ফেশ্বন শ্ব’ত নেপথ্যত বাজি আছে ঝুমুইৰ পৰা আৰম্ভ কৰি গোৱালপাৰীয়া লোকগীতলৈ-এটাৰ পিছত এটা ছন্দোময় অসমীয়া লোকগীত। ৰেম্পত মডেলে খোজ দিছে অসমীয়া তাঁতশালৰ কাপোৰেৰে প্ৰস্তুত সমকালীন বস্ত্ৰ সম্ভাৰ, মেখেলা-চাদৰ পৰিধান কৰি। শেষত মেখেলা-চাদৰেৰে মঞ্চত সবল উপস্থিতি সংযুক্তা দত্তৰ৷
পৰিধান কৰা নিজৰ বস্ত্ৰত তেওঁ বুটা বাছি লৈছে-“সগৌৰৱে অসমীয়া” বুলি। সঁচা অৰ্থত বিশ্ব দৰবাৰত, ফেশ্বনৰ জগতত অসমীয়াৰ এয়া এক সগৌৰৱ আৰু সৱল উপস্থিতি৷ এইবাৰ নিউয়ৰ্কত শ্ব’ৰ শিৰোনাম ‘কুঁৱলী-The Mist’। ‘কুঁৱলী-The Mist’শীৰ্ষক বস্ত্ৰ সংকলনেৰে নিউয়ৰ্ক ফেশ্বন শ্ব’ত এইবাৰ সংযুক্তা দত্তৰ প্ৰদৰ্শিত বস্ত্ৰ সম্ভাৰৰ মূলতে আছে-অসমীয়া বস্ত্ৰৰ আধাৰ স্বৰূপ সাংস্কৃতিক পৰম্পৰা মেখেলা-চাদৰক আধুনিক ক’চাৰ হিচাপে পুনৰ নিৰ্মাণেৰে তেওঁ ঐতিহ্যগত কাৰুকাৰ্য্য আৰু উচ্চ ফেশ্বনৰ মাজত সমন্বয় স্থাপনেৰে উপস্থাপন। সংযুক্তা দত্তৰ এই অনুষ্ঠানত ভাৰতীয় দূতাবাসৰ সন্মানীয় বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অসমীয়া তথা ভাৰতীয় বস্ত্ৰ শিল্পৰ ঐতিহ্য আৰু সৃষ্টিশীলতাৰ আন্তৰ্জাতিক স্বীকৃতিক অনন্য মাত্ৰা প্ৰদান কৰিছিল।
সংযুক্তা দত্তৰ ফেশ্বন শ্ব’ত উপস্থিত থাকি প্ৰশংসাৰে উচ্চসিত হৈ পৰে নিউয়ৰ্কস্থিত উপ-কনচুল জেনেৰেল বিশাল জয়েশভাই হৰ্ষ। নিউয়ৰ্কস্থিত জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদ হৰ্ষে কয়, “ইয়াত আজি এক অভূতপূৰ্ব শ্ব’ত উপস্থিত থকাৰ সুযোগ লাভ কৰিলো। সুপৰিচিত খ্যাতিসম্পন্ন ভাৰতীয় ডিজাইনাৰ সংযুক্তা দত্ত আৰু তেওঁৰ দলে এক সুন্দৰ প্ৰদৰ্শন কৰিলে আজি। তেওঁ ইয়াত অসমীয়া সংস্কৃতিৰ প্ৰদৰ্শন আৰু প্ৰচাৰ কৰিছে-বিশেষকৈ অসমীয়া পৰম্পৰাগত মেখেলা-চাদৰৰ প্ৰদৰ্শনীয়ে সকলোকে মুগ্ধ কৰিছে৷ লগতে, বিশীষকৈ নেপথ্যত বাজি থকি অসমীয়া সংগীতে শ্ব’টো অধিক মনোগ্ৰাহী কৰি তুলিছে। সংযুক্তাই ইতিমধ্যে মিলান, পেৰিচ ফেশ্বন শ্ব’, কাঁ মহোৎসৱ আদিতো সমাদৰ লাভ কৰিছে।”
তেওঁ লগতে কয়, “ডিজাইনাৰসকলে ভাৰতৰ বাবে শক্তিশালী সাংস্কৃতিক প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে। নিউয়ৰ্ক ফেশ্বন উইকৰ দৰে বিশ্ব মঞ্চত পৰম্পৰাগত হস্ততাঁত বস্ত্ৰৰ প্ৰচাৰ কৰাৰ জৰিয়তে তেওঁ কেৱল ঐতিহ্য সংৰক্ষণ কৰাই নহয়, হস্ততাঁত শিল্পীসকলৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰি ভাৰতৰ শক্তিক ফেশ্বনৰ জৰিয়তে প্ৰদৰ্শন কৰিছে।” সময়ৰ আহ্বানৰ সৈতে সদায় ফেৰ মাৰি আগবঢ়া এগৰাকী দূৰদৰ্শী ডিজাইনাৰ সংযুক্তা দত্তই যোৱা প্ৰায় দেৰ দশক ধৰি অসমৰ হস্ততাঁত আৰু পাট-মুগাৰ পৰম্পৰাগত বস্ত্ৰ ঐতিহ্যক উজ্জীৱিত কৰি বিশ্বৰ ফেশ্বন মঞ্চত দাঙি ধৰি আহিছে। অভিযন্তাৰ এক সুৰক্ষিত কেৰিয়াৰ এৰি এক প্ৰত্যাহ্বানমূলক ফেশ্বন জগতত প্ৰৱেশ কৰি পৰম্পৰাগত শিপিনী মহিলাসকলক সবলীকৰণ আৰু অসমীয়া বস্ত্ৰশিল্পৰ ঐতিহ্য সংৰক্ষণৰ বাবে নিজকে উচৰ্গা কৰা সংয়ুক্তা দত্তৰ বস্ত্ৰৰ ডিজাইনসমূহত থলুৱা অসমীয়া বস্ত্ৰ আৰু সমসাময়িক ৰূপৰ সংমিশ্ৰণৰ সমাহাৰ দেখা পোৱা হৈ আহিছে৷ ইযাৰ পূৰ্বেও একাধিকবাৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি সমাদৰ লাভ কৰিছে সংযুক্তাই৷ অসমৰ পাট-মুগা ৰেচমৰ বস্ত্ৰত নতুন নতুন বস্ত্ৰৰ ডিজাইনেৰে পেৰিছ, মিলান ফেশ্বন উইক আৰু কাঁ ফেষ্টিভেলৰ দৰে আগশাৰী আন্তৰ্জাতিক মঞ্চত পূৰ্বতে বহুবাৰ প্ৰদৰ্শন কৰি বিশ্বৰ তীব্ৰ প্ৰতিযোগিতামূলক বিশাল ফেশ্বন জগতত নিজৰ লগতে অসমীয়াৰ উপস্থিতি সগৌৰৱেৰে প্ৰমাণ কৰি আহিছে সংয়ুক্তাই ৷
দেওবাৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ৰ পিছত সংযুক্তা দত্তই নিজৰ ব্ৰেণ্ডক অসমীয়া হস্ততাঁত শিল্পৰ পৰম্পৰাক যাতে বিশ্বত এক সমুজ্জ্বল পৰিচয় দিব পাৰে তাৰ বাবে অধিক প্ৰয়াস চলাই যাব বুলি মন্তব্য কৰে ভৌগোলিক পৰিসীমাৰ বাধাসমূহ অতিকৰ্ম কৰি অসমীয়া ৰেচমক আন্তৰ্জাতিক ফেশ্বনৰ জগতত দৃঢ়ভাৱে উপস্থাপন কৰিব বিচাৰে স’যুক্তা দত্তই। অনাগত দিনত তেওঁৰ এই বিশ্বমুখী যাত্ৰাত হস্ততাঁত শিল্পীসকলক কেৱল বোঁৱনী হিচাপে নহয়, বিশ্ব ফেশ্বনৰ জগতত শিল্পী হিচাবে দাঙি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি ফেশ্বন ডিজাইনাৰ গৰাকীৰ মন্তব্য ৷
