নিউজ ডেস্ক, ৭ মাৰ্চ, ২০২৬ : উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, সাপ্তাহিক বিশেষ ৰে’ল (Special Train) নং ০৪৬৫৪/০৪৬৫৩ (অমৃতসৰ-নিউ জলপাইগুড়ী-অমৃতসৰ)ৰ সেৱা উভয় দিশত চাৰিটা অতিৰিক্ত ট্ৰিপলৈকে সম্প্ৰসাৰিত কৰা হৈছে। এই ৰে’লৰ সম্প্ৰসাৰণে পঞ্জাব, বিহাৰ, পশ্চিমবঙ্গ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ সুবিধা প্ৰদান কৰি দেশৰ উত্তৰ আৰু পূব অঞ্চলৰ মাজত সংযোগ শক্তিশালী কৰিব। ইয়াৰ উপৰিও, অসম আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজত যাত্ৰীৰ অধিক চাহিদা নিয়ন্ত্ৰণ কৰাৰ অৰ্থে অতিৰিক্ত আসন আৰু বাৰ্থ প্ৰদানেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ ৱান ৱে বিশেষ ৰে’ল নং ০৫৬৯৯ পৰিচালন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰে’ল নং ০৪৬৫৪ (অমৃতসৰ-নিউ জলপাইগুড়ী) সাপ্তাহিক বিশেষ ৰে’লখন ৪ মাৰ্চৰ পৰা ২৫ মাৰ্চ, ২০২৬ পৰ্যন্ত প্ৰতি বুধবাৰে চলাবৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে। আনহাতে উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৪৬৫৩ (নিউ জলপাইগুড়ী-অমৃতসৰ) সাপ্তাহিক বিশেষ ৰে’লখন ৬ মাৰ্চৰ পৰা ২৭ মাৰ্চ, ২০২৬ পৰ্যন্ত প্ৰতি শুকুৰবাৰে চলাবৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। এই ৰে’লখন বিদ্যমান চলাচলৰ দিন, সময়সূচী, গঠন আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব। একেদৰে, ৱান ৱে বিশেষ ৰে’ল নং ০৫৬৯৯ (গুৱাহাটী-দিল্লী) ৮ মাৰ্চ ২০২৬ (দেওবাৰ)এ চলাচল কৰিব।ৰে’লখনে গুৱাহাটীৰ পৰা ২১:৩০ বজাত যাত্ৰা আৰম্ভ কৰি ১০ মাৰ্চ ২০২৬ তাৰিখে ১৩:০০ বজাত দিল্লীত গৈ উপস্থিত হ’ব।

যাত্ৰাপথত ৰে’লখন ৰঙিয়া, নিউ জলপাইগুড়ী, বেগুসৰাই, ছাপ্ৰা, বাৰাণসী আৰু প্ৰয়াগৰাজ জংচনকে ধৰি অন্যান্য কেইবাটাও ষ্টপেজৰ সৈতে গুৰুত্বপূৰ্ণ ষ্টেচনত ৰব। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’লখনত এচি ২-টিয়াৰ, এচি ৩-টিয়াৰ, শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ ডবা থাকিব। এই বিশেষ ৰে’ল সেৱাসমূহৰ পৰিচালন আৰু সম্প্ৰসাৰণে যাত্ৰীসকলক অতিৰিক্ত যাত্ৰাৰ বিকল্প প্ৰদান কৰি ব্যস্ত ৰুটত ভিৰ হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলৰ যথেষ্ট উপকাৰ সাধন কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবচাইট আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণ অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফলৰ পৰা অনুৰোধ জনোৱা হৈছে।