নিউজ ডেস্ক, ২০ মাৰ্চ, ২০২৬ : উত্তৰ ভাৰতৰ দ্ৰুতগতিত বিকশিত প্ৰ’ এ ভি খণ্ডত এক কৌশলগত সম্প্ৰসাৰণৰ লক্ষ্যৰে ইনফৰ্মা মাৰ্কেটছ ইন ইণ্ডিয়াই ঘোষণা কৰিছে পি এ এল এম এক্সপো দিল্লীৰ (Delhi) শুভাৰম্ভণিৰ কথা। পেছাদাৰী অডিঅ’, ভিজুৱেল আৰু লাইটিং প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী বাণিজ্যিক মঞ্চ পি এ এল এম এক্সপো মুম্বাইৰ অভূতপূৰ্ব সফলতাৰ পাছত এতিয়া নতুন দিল্লী সংস্কৰণে ৰাজধানী অঞ্চলৰ সমৃদ্ধিশালী পেছাদাৰী এ ভি সমাজৰ প্ৰয়োজন পূৰণ কৰিব। অহা ২০২৭ বৰ্ষৰ ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব লগা এই উদ্বোধনী সংস্কৰণত ৭০ ৰ পৰা ১০০ গৰাকী নিৰ্বাচিত প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব। এই শীৰ্ষ পৰ্যায়ৰ মেলাখনে ৫,০০০-৭,০০০ গৰাকী অৰ্হতাসম্পন্ন উদ্যোগ বিশেষজ্ঞক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে উদ্যোগটোৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে এক বিশেষ আৰু উন্নত ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলা হ’ব।

নতুন দিল্লীৰ এক উষ্ম আৰু আভিজাত্যপূৰ্ণ উদ্যোগিক সন্মিলনৰ মাজেৰে এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰা হয়। পেছাদাৰী অডিঅ’, লাইটিং আৰু প্ৰ’ এ ভি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া, উদ্যোগৰ অগ্ৰণী নেতা, উদ্ভাৱক তথা প্ৰধান অংশীদাৰসকলৰ উপস্থিতিয়ে এই বিশেষ সন্ধিয়াটোক এক মৰ্যাদাপূৰ্ণ মাত্ৰা প্ৰদান কৰে। উল্লেখযোগ্য যে, এই সমাৱেশে উদ্যোগটোৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্বৰ মাজত উচ্চস্তৰীয় আলোচনা, কৌশলগত অংশীদাৰিত্ব আৰু অৰ্থপূৰ্ণ সংযোগ স্থাপনৰ এক বিৰল সুযোগ সৃষ্টি কৰে। লক্ষ্যণীয়ভাৱে, নতুন দিল্লীৰ এই প্ৰদৰ্শনী ভাৰতৰ পেছাদাৰী অডিঅ’-ভিজুৱেল আৰু লাইটিং উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে দেশৰ আটাইতকৈ প্ৰতিষ্ঠিত উদ্যোগিক মঞ্চখন এতিয়া দ্ৰুতগতিত বিকশিত হোৱা এখন আঞ্চলিক বজাৰৰ অধিক কাষ চাপিছে। উত্তৰ ভাৰতৰ বজাৰত থকা এক শক্তিশালী ভেটিৰ বাবেই মূলতঃ দিল্লীলৈ এই সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰণিধানযোগ্য যে, ভাৰতৰ মুঠ এ ভি হাৰ্ডৱেৰ বজাৰৰ প্ৰায় ৪০-৪৫ শতাংশই বৰ্তমান উত্তৰ ভাৰতৰ দখলত আছে। ইফালে, দিল্লী এন চি আৰ এতিয়া কৰ্পোৰেট, চৰকাৰী আৰু প্ৰতিষ্ঠানিক খণ্ডৰ লগতে বিভিন্ন অনুষ্ঠান-উৎসৱকেন্দ্ৰিক কাৰ্যসূচীৰ বাবেও এক প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে। ডিজিটেল আন্তঃগাঁথনিৰ বৃহৎ বিনিয়োগ, বৃদ্ধি পোৱা জনমূৰি আয় আৰু কৰ্পোৰেট সদৰ কাৰ্যালয়ৰ লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ উপস্থিতিয়ে এই অঞ্চলটোক এক শক্তিশালী বজাৰ হিচাপে গঢ়ি তোলে। ফলস্বৰূপে, বি-টু-বি আৰু বি-টু-জি খণ্ডৰ উচ্চস্তৰীয় সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ সৈতে প্ৰদৰ্শৰ্কসকলৰ প্ৰত্যক্ষ যোগাযোগৰ এক সুবৰ্ণ সুযোগ সৃষ্টি হৈছে। ইনফৰ্মা মাৰ্কেটছ ইন ইণ্ডিয়াৰ পৰিচালন সঞ্চালক যোগেশ মুদ্ৰাছে এই শুভাৰম্ভণিৰ সন্দৰ্ভত কয়, “পি এ এল এম দিল্লী হৈছে উত্তৰ ভাৰতৰ পেছাদাৰী অডিঅ’ আৰু লাইটিং পৰিৱেশতন্ত্ৰই লাভ কৰা ব্যাপকতা আৰু পৰিপক্কতাৰ এক কৌশলগত সঁহাৰি। বৰ্তমান পেছাদাৰী অডিঅ’ বজাৰৰ মূল্য ৭৫০ৰ পৰা ৮৫০ নিযুত মাৰ্কিন ডলাৰৰ ভিতৰত আৰু লাইটিং উদ্যোগটো বাৰ্ষিক ১১ শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাই ২ বিলিয়ন মাৰ্কিন ডলাৰৰ কাষ চাপিছে। এনে পৰিপ্ৰেক্ষিতত এই অঞ্চলটোৱে দেশৰ ভিতৰতে অন্যতম এক শক্তিশালী উন্নয়নৰ কৰিডৰক প্ৰতিনিধিত্ব কৰিছে। ইয়াত প্ৰিমিয়াম অডিঅ’ গ্ৰহণৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ ২৫ শতাংশ অধিক আৰু ৩০০তকৈও অধিক পেছাদাৰী অনুষ্ঠানস্থলীয়ে উত্তৰ ভাৰতক ভাৰতৰ অডিঅ’-ভিজুৱেল উদ্যোগৰ ৰূপান্তৰৰ এক কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিছে। উন্নত তথা বৃহৎ পৰিসৰৰ সমাধানৰ চাহিদা ইয়াত নিৰন্তৰভাৱে বৃদ্ধি পাইছে। পি এ এল এম দিল্লীক এই উদ্যোগটোৰ সৈতে জড়িত অংশীদাৰিত্ব গভীৰ কৰিবলৈ, বজাৰৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ আৰু এই উদ্যোগটোক অধিক শক্তিশালী মূল্য প্ৰদান কৰাৰ বাবে এক নিৰ্দিষ্ট উদ্যোগিক মঞ্চ হিচাপে গঢ়ি তোলা হৈছে।”

ইফালে, ইনফৰ্মা মাৰ্কেটছ ইন ইণ্ডিয়াৰ প্ৰকল্প সঞ্চালক ৰমেশ চেটৱানীয়ে কয়, “বিগত ২৩ বছৰ ধৰি ভাৰতৰ পেছাদাৰী অডিঅ’ আৰু লাইটিং উদ্যোগৰ কেন্দ্ৰবিন্দু হৈ আহিছে পি এ এল এম। আমাৰ প্ৰদৰ্শকসকলৰ নিৰন্তৰ বিশ্বাসৰ বাবেই দিল্লীলৈ পি এ এল এম এক্সপ’ লৈ অহাটো সম্ভৱ হৈছে। ইয়াত বিশেষকৈ হোম অডিঅ’ৰ লগতে উন্নত ডিছপ্লে’ আৰু ভিজুৱেল টেকন’লজিৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব। উত্তৰ ভাৰতৰ প্ৰিমিয়াম গ্ৰাহকৰ চাহিদাৰ সৈতে সংগতি ৰাখি এই দুয়োটা খণ্ডই এতিয়া দ্ৰুতগতিত বিকাশ লাভ কৰিছে। দিল্লীৰ বিশ্বমানৰ প্ৰদৰ্শনী আন্তঃগাঁথনি আৰু মুকলি ঠাইত প্ৰদৰ্শনৰ সুবিধা গ্ৰহণ কৰি আমি এই অঞ্চলটোৰ বাবে এক সুনিৰ্দিষ্ট মঞ্চ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছোঁ। ইয়াৰ জৰিয়তে পেছাদাৰী অডিঅ’, লাইটিং আৰু এ ভি খণ্ডত উদ্ভাৱন তথা বিকাশৰ যাত্ৰা অধিক ত্বৰান্বিত হ’ব।” উল্লেখ্য যে, দিল্লী সংস্কৰণৰ এক অন্যতম আকৰ্ষণ হ’ব লাইন এৰে প্ৰদৰ্শনীৰ বাবে নিৰ্ধাৰিত বিশেষ এলেকা। ভাৰত মণ্ডপমৰ বিশাল মুকলি আন্তঃগাঁথনিক ব্যৱহাৰ কৰি পি এ এল এম দিল্লীত উচ্চমানৰ অডিঅ’ প্ৰণালীৰ বাস্তৱসন্মত প্ৰদৰ্শন কৰা হ’ব। পেছাদাৰী অডিঅ’ৰ গুণগত মান নিৰূপণৰ বাবে এনে প্ৰদৰ্শন এক অপৰিহাৰ্য প্ৰয়োজন। সমান্তৰালভাৱে, এই প্ৰদৰ্শনীত আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় সামগ্ৰীৰ এক বিস্তৃত সমাহাৰ দেখিবলৈ পোৱা যাব। ইয়াত ভাৰতীয় বিতৰকৰ জৰিয়তে প্ৰায় ৮০ শতাংশ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ উপস্থিতি নিশ্চিত কৰা হৈছে। উল্লেখযোগ্য যে, অৱশিষ্ট ২০ শতাংশ স্থান দেশীয় উৎপাদনকাৰীসকলে ‘মেক ইন ইণ্ডিয়া’ সমাধানসমূহ উপস্থাপন কৰিবলৈ লাভ কৰিছে।