গুৱাহাটী, ১৬ এপ্ৰিল, ২০২৬ : সোণাপুৰস্থিত (Sonapur) অসম ডনবক্স’ বিশ্ববিদ্যালয়ৰ হলত চলি থকা অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, নিশালৈ হ’বলগা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব আয়োজক ৰাজ্যৰ চাৰিগৰাকী বক্সাৰ৷ আজি হোৱা ল’ৰাৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰ মৃদুপম বৰুৱাই মিজোৰামৰ প্ৰতিদ্বন্দ্বীক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠত স্থান নিশ্চিত কৰে৷
ইফালে, ছোৱালীৰ ৪৮ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰত অসমৰ মনিকা দলে ৪-১ ৰ ব্যৱধানত তামিলনাডুৰ বক্সাৰক হৰুৱাই কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ সহযোগত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ আজি নিশা হ’বলগা খেলত অসমৰ ড’ইনগিন লুকৈ আৰু সন্দিপ বসুমতাৰীয়ে ল’ৰাৰ ৬৫ আৰু ৮০ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰত অৱতীৰ্ণ হ’ব৷ আনহাতে, দুই অসম কন্যা আদশ্বিৰ্নি চাংমাই আৰু নিকশ্বিতা কোঁৱৰে ক্ৰমে ৫৪ আৰু ৬৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ খেলিবলৈ ৰিঙত নামিব৷
ইফালে, প্ৰতিযোগিতাত উপস্থিত থকা বি এফ আইৰ সভাপতি অজয় সিঙে অসমৰ আয়োজনক আন্তৰ্জাতিক পৰ্যায়ৰ বুলি উচ্ছ প্ৰশংসা কৰাৰ লগতে দেশৰ বক্সিঙৰ ভবিষ্যত উত্তৰ-পূৱ বুলি ব্যক্ত কৰে৷ ‘২০৩০ ত ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব৷ ভাৰতীয় বক্সাৰে দেশত হ’বলগা কমনৱেলথ গেমছত চমকপ্ৰদ প্ৰদৰ্শন কৰিব বুলি আমি দৃঢ়৷ এইদিশত উত্তৰ-পূৱৰ বক্সাৰৰ ভূমিকা অন্যতম হ’ব বুলিও মই আশাবাদী৷’ সিঙে কয়৷ উল্লেখ্য যে প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ১৯ এপ্ৰিলত৷
